ভোটৰ বাবে অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিছে মমতা বেনাৰ্জীয়েঃ সুনীল বংশল
কলকাতা, ০৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বংশলে বুধবাৰে পশ্চিম বংগত ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ)ৰ তীব্ৰ পোষকতা কৰে। তেওঁ অভিযোগ কৰে যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভোটৰ ৰাজনীতিৰ ব
ভোটৰ বাবে অনুপ্ৰৱেশকাৰীক সুৰক্ষা দিছে মমতা বেনাৰ্জীয়েঃ সুনীল বংশল


কলকাতা, ০৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বংশলে বুধবাৰে পশ্চিম বংগত ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ)ৰ তীব্ৰ পোষকতা কৰে। তেওঁ অভিযোগ কৰে যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভোটৰ ৰাজনীতিৰ বাবে বাংলাদেশী অনুপ্ৰৱেশকাৰীক সুৰক্ষা প্ৰদান কৰিছে।

কলকাতাত এক জাতি-এক নিৰ্বাচন বিষয়ক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকে আয়োজন কৰা এক কাৰ্যসূচীত কয় যে, আমি অহৰহ বাংলাদেশী অনুপ্ৰৱেশকাৰীক দেশৰ পৰা আঁতৰাবলৈ চেষ্টা কৰি আছো। কিন্তু একাংশ ৰাজনৈতিক দল বিশেষকৈ তৃণমূল কংগ্ৰেছে এই অনুপ্ৰৱেশকাৰীসকলক সুৰক্ষা প্ৰদানৰ কামত ব্যস্ত হৈ পৰিছে যাতে তেওঁলোক ভোটাৰ তালিকাত থাকে। এয়া তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ।

তেওঁ কয় যে শেহতীয়াকৈ নিৰ্বাচন আয়োগৰ সহায়ত বিহাৰত এছআইআৰৰ কাম চলি আছে। সংবিধানত স্পষ্টকৈ কোৱা হৈছে যে কেৱল ভাৰতীয় নাগৰিকৰ ভোটাধিকাৰ আছে। তেওঁ কয় যে দেশৰ পৰা অনুপ্ৰৱেশকাৰীক আঁতৰোৱাৰ প্ৰথম পদক্ষেপ হ’ল তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা। কিন্তু এনে হোৱাৰ লগে লগে প্ৰথমে ইয়াৰ বিৰোধিতা কৰিব মমতা বেনাৰ্জীয়ে।

মিষ্টাৰ বংছালে তৃণমূল কংগ্ৰেছ, আৰজেডি আৰু কংগ্ৰেছকো আক্ৰমণ কৰি কয় যে এই দলসমূহে ভোটৰ বাবে অনুপ্ৰৱেশকাৰীক সমৰ্থন কৰে। তেওঁ ৰাহুল গান্ধী আৰু তেজস্বী যাদৱৰ নাম উল্লেখ কৰি কয় যে এই নেতাসকলেও এনে লোকৰ পক্ষত থিয় দিছে কাৰণ তেওঁলোকে তেওঁলোকৰ ভোট বিচাৰে।

সূত্ৰ অনুসৰি, ২০২৬ চনত আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিম বংগত এছআইআৰ অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগে প্ৰস্তুতি চলাইছে। এই দিশত প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। অৱশ্যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে স্পষ্টকৈ কৈছে যে ৰাজ্যত এনে প্ৰথাৰ অনুমতি নিদিয়ে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande