

ডিব্ৰুগড়, ০৩ ছেপ্টেম্বৰ (হি.স.)। অসমৰ গ্ৰাম্য অৰ্থনীতিত হস্ততাঁত বস্ত্ৰশিল্পই এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী কৰি গঢ়ি তুলিবলৈ হ'লে হস্ততাঁত আৰু বস্ত্ৰশিল্পক অধিক গতিশীল আৰু উৎপাদনমুখী কৰি তোলাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
বয়ন শিল্প যাতে অসমত এক লাভজনক উদ্যোগ হিচাপে গঢ় লৈ উঠে সেই উদ্দেশ্য আগত ৰাখি টিংখাঙত অনুষ্ঠিত কৰা হস্ততাত বস্ত্ৰশিল্পৰ বিশেষ কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে। টিংখাঙৰ বিধায়ক তথা অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াৰ পৃষ্ঠপোষকতাত তথা দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত আৰু উত্তৰ পূৰ্বাঞ্চল হস্তশিল্প আৰু হস্ততাত উন্নয়ন নিগম (এন ই এইছ এইছ ডি চি)ৰ তত্বাৱধানত অনুষ্ঠিত হৈছেল এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ। টিংখাঙৰ লেঙেৰীৰ উদ্যমিতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰ ত ৪০ দিনীয়াকৈ অনুষ্ঠিত হোৱ এই হস্ততাঁত বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ কাৰ্যসূচীত স্থানীয় বহু সংখ্যক মহিলাক উত্তৰ পূৰ্বাঞ্চল হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমৰ তৰফৰ পৰা বহু কেইগৰাকী বিশেষজ্ঞই প্ৰশিক্ষণ প্ৰদান কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বড়াই এইয়া টিংখাঙৰ একাংশ মহিলাৰ নতুন জীৱন গঢ়াৰ আৰম্ভণি বুলি উল্লেখ কৰে। তেওঁ লগতে উপযুক্ত প্ৰশিক্ষণ আৰু উপযুক্ত জ্ঞান আহৰণেৰে আমি বহু নজনা কথা জনাৰ বাট মুকলি হয় বুলি মন্তব্য কৰি যদি আমাৰ জীৱনত প্ৰত্যয় থাকে তেতিয়া এনেধৰণৰ প্ৰশিক্ষণেৰে আমি নতুন জীৱনৰ গতিৰে আগবাঢ়ি যাব পাৰো বুলি উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / Narayan Kar