ক্ষেত্ৰী আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক
গুৱাহাটী, ০৩ ছেপ্টেম্বৰ (হি.স.)। ক্ষেত্ৰী আৰক্ষীৰ জালত পৰিল এটা প্ৰৱঞ্চক। ধৃত প্ৰৱঞ্চকটো ক্ষেত্ৰী মালয়বাৰীৰ কুশল গোস্বামী। দোকানৰ পৰা সামগ্ৰী কিনাৰ নামত লোক জনে দোকানীক কৰি আহিছে প্ৰবঞ্চনা। দোকানৰ পৰা সামগ্ৰী কিনি প‌ইচা নিদিয়াৰ অভিযোগ। প্ৰায় ৬০
ক্ষেত্ৰী আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক।


ক্ষেত্ৰী আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক।


গুৱাহাটী, ০৩ ছেপ্টেম্বৰ (হি.স.)। ক্ষেত্ৰী আৰক্ষীৰ জালত পৰিল এটা প্ৰৱঞ্চক। ধৃত প্ৰৱঞ্চকটো ক্ষেত্ৰী মালয়বাৰীৰ কুশল গোস্বামী।

দোকানৰ পৰা সামগ্ৰী কিনাৰ নামত লোক জনে দোকানীক কৰি আহিছে প্ৰবঞ্চনা। দোকানৰ পৰা সামগ্ৰী কিনি প‌ইচা নিদিয়াৰ অভিযোগ।

প্ৰায় ৬০ লক্ষাধিক টকাৰ সামগ্ৰী কিনি দোকানীক ভুৱা চেক প্ৰদান কৰাৰ অভিযোগ। উল্লেখ্য যে পূৰ্বতেও নিউজ চেনেল খোলাৰ নামত বিভিন্ন জনক প্ৰবঞ্চনা কৰি ধন সংগ্ৰহৰ অভিযোগ আছে কুশৰ গোস্বামীৰ বিৰুদ্ধে। আনহাতে অসমৰ কেইবাখনো থানাত ৮ টাকৈ গোচৰ ৰুজু হৈ আছে প্ৰবঞ্চক কুশল গোস্বামীৰ বিৰুদ্ধে।

তদন্ত কৰিবলৈ যোৱা আৰক্ষীৰ বিৰুদ্ধেও প্ৰবঞ্চক কুশল গোস্বামীয়ে বিভিন্ন সময়ত উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ প্ৰদান কৰি আহিছে।

ঘটনা সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষীৰ তদন্ত অব্যাহত।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande