গৌৰীপুৰ বালাজানত নিষিদ্ধ গো মাংস সহ এজন আটক
গৌৰীপুৰ বালাজানত নিষিদ্ধ গো মাংস সহ আটক এজনক।
গৌৰীপুৰ বালাজানত নিষিদ্ধ গো মাংস সহ এজন আটক


ধুবুৰী, ০৩ ছেপ্তেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ বালাজানত আজি পুৱা নিষিদ্ধ গো মাংস সহ এজনক আটক কৰা হয়। ৰাজ্যত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই নিষিদ্ধ ঘোষণা কৰা হৈছিল গো-মাংস। গৌৰীপুৰ বালাজান ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বালাজান আৰক্ষীৰ অভিযান। এখন টেম্পু গাৰীত অভিযান চলাই ৩১ টাকৈ পলিথিনত প্ৰায় ৩০০(তিনিশ)কে জি নিষিদ্ধ মাংস জব্দ কৰাৰ লগতে এজন সৰবৰাহ কাৰীক আটক কৰিবলৈ সক্ষম হয়

জব্দকৃত টেম্পু খনৰ নম্বৰ এএছ ১৭ এছ ৪৪৬৫ বুলি জানিব পৰা গৈছে । আটকাধীন সৰবৰাহকাৰী জন অসম বংগ সীমান্ত খেৰবাৰীৰ মঞ্জু হক। বৰ্তমানে বালাজান আৰক্ষীয়ে বাহন আৰু সৰবৰাহকাৰী জনক থানালৈ আনি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande