
নতুন দিল্লী, ০৩ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে ইয়াত এখন আলোচনা কৰ্মশালাত ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন আৰু চহৰ অঞ্চলত যানজঁট মুক্তকৰণৰ বাবে নতুন নীতিৰ বিষয়ে আলোচনা কৰে। কৰ্মশালাত চহৰসমূহৰ যাতায়তৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ৰিং ৰোড আৰু বাইপাছ নিৰ্মাণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি কৰ্মশালাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় তামতা, হৰ্ষ মালহোত্ৰা, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া আৰু পৌৰ আয়ুক্তসকলে। ইয়াৰ সময়ত দ্ৰুতগতিত বৃদ্ধি পোৱা চহৰ অঞ্চলত যাতায়ত সহজ কৰি তোলা আৰু বিশ্বমানৰ, বহনক্ষম পৰিবহণ আন্তঃগাঁথনি সৃষ্টিৰ ওপৰত আলোচনা কৰা হয়। লগতে, সভাত ৰিং ৰোড আৰু বাইপাছ নিৰ্মাণ কৰি চহৰৰ মাজমজিয়াৰ পৰা যান-বাহন আঁতৰাই যান-জঁট হ্ৰাস কৰাৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হয়, যাৰ ফলত নগৰীয়া গতিশীলতা উন্নত হ’ব।
আলোচনাত নতুন বিত্তীয় আৰ্হি গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় যাতে আন্তঃগাঁথনি উন্নয়নৰ বাবে ধনৰ অভাৱ নহয়। লগতে ঘাইপথৰ উন্নয়নক চহৰৰ মাষ্টাৰ প্লেনৰ সৈতে সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল, যাতে চহৰসমূহক একত্ৰিত কৰিব পৰা যায়। এই ব্যৱস্থাসমূহে ৰিং ৰোড আৰু বাইপাছৰ আশে-পাশে থকা অঞ্চলসমূহত পদ্ধতিগত উন্নয়নত সহায় কৰিব।
মন্ত্ৰালয়ে কয় যে এই নীতিসমূহে চহৰ অঞ্চলৰ সংযোগ উন্নত কৰাৰ লগতে অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰিব। লগতে এই ব্যৱস্থাসমূহে পৰিৱেশ অনুকূল আৰু সৰ্বাংগীন নগৰ উন্নয়নক প্ৰসাৰিত কৰিব। এই কৰ্মশালাত চহৰ অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ গঢ়ি তোলাৰ লগতে যানজঁট হ্ৰাস কৰাৰ লগতে শীঘ্ৰে নীতি ৰূপায়ণৰ কথা কোৱা হৈছিল, যাতে চহৰসমূহত যাতায়তৰ সমস্যা ফলপ্ৰসূভাৱে সমাধান কৰিব পৰা যায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া