গুৱাহাটী, ০৩ ছেপ্টেম্বৰ (হি.স.)। অনাগত উৎসৱৰ বতৰত ৰে’লযাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধীনত অতিৰিক্ত ০৭ যোৰ উৎসৱ বিশেষ ৰে’ল নিৰ্ধাৰিত কেইটামান গন্তব্য স্থানলৈ চলাচল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বিশেষ ৰে’লসমূহৰ ভিতৰত ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ০৩ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৮০৪৭/০৮০৪৮ (শালিমাৰ – ৰঙাপাৰা নৰ্থ - শালিমাৰ) চলাচল কৰিব।
২৬ ছেপ্টেম্বৰৰ পৰা ২৯ নৱেম্বৰ, ২০২৫ তাৰিখলৈকে উভয় দিশত ১০ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৩০০৫/০৩০০৬ (হাওড়া – লামডিং - হাওড়া) চলাচল কৰিব। ২৮ ছেপ্টেম্বৰৰ পৰা ৩ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ০৬ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৫৭৪২/০৫৭৪১ (নিউ জলপাইগুড়ী- গোমতী নগৰ- নিউ জলপাইগুড়ী) চলাচল কৰিব। ২৮ ছেপ্টেম্বৰৰ পৰা ২৪ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ১০ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৩১২৯/০৩১৩০ (কলকাতা- নিউ জলপাইগুড়ী- কলকাতা) চলাচল কৰিব। ২৮ ছেপ্টেম্বৰৰ পৰা ১০ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ০৭ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৫৭৩৮/০৫৭৩৭ (নিউ জলপাইগুড়ী- নৰকটিয়াগঞ্জ- নিউ জলপাইগুড়ী) চলাচল কৰিব। ২০ ছেপ্টেম্বৰৰ পৰা ৮ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ০৮ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৫৭৪০/০৫৭৩৯ (নিউ জলপাইগুড়ী- পাটনা জং.- নিউ জলপাইগুড়ী) চলাচল কৰিব। ২ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰ, ২০২৫ তাৰিখলৈ উভয় দিশত ০৭ টা ট্ৰিপৰ বাবে ৰে’ল নং ০৫৭৩৪/০৫৭৩৩ (কিষাণগঞ্জ- অমৃতসৰ- কিষাণগঞ্জ) চলাচল কৰিব।
সেই অনুসাৰে, ৰে’ল নং ০৮০৪৭ (শালিমাৰ–ৰঙাপাৰা নৰ্থ) বিশেষ ৰে’ল প্ৰতি শুক্ৰবাৰে শালিমাৰৰ পৰা ১৭:৪৫ বজাত প্ৰস্থান কৰি শনিবাৰে ১৩:৪০ বজাত ৰঙাপাৰা নৰ্থত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৮০৪৮ (ৰঙাপাৰা নৰ্থ - শালিমাৰ) বিশেষ ৰে’ল প্ৰতি শনিবাৰে ৰঙাপাৰা নৰ্থৰ পৰা ১৬:৩০ বজাত প্ৰস্থান কৰি দেওবাৰে ১২:৩০ বজাত শালিমাৰত গৈ উপস্থিত হ’ব।
ৰে’ল নং ০৩০০৫ (হাওড়া – লামডিং) বিশেষ ৰে’ল প্ৰতি শুকুৰবাৰে হাওড়াৰ পৰা ০৭:১৫ বজাত প্ৰস্থান কৰি শনিবাৰে ০৮:০০ বজাত লামডিঙত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৩০০৬ (লামডিং - হাওড়া) বিশেষ ৰে’ল প্ৰতি শনিবাৰে লামডিঙৰ পৰা ১১:০০ বজাত প্ৰস্থান কৰি দেওবাৰে ১২:৩০ বজাত হাওড়াত গৈ উপস্থিত হ’ব।
ৰে’ল নং ০৫৭৪২ (নিউ জলপাইগুড়ী – গোমতী নগৰ) বিশেষ ৰে’ল প্ৰতি দেওবাৰে নিউ জলপাইগুড়ীৰ পৰা ০৭:০০ বজাত প্ৰস্থান কৰি সোমবাৰে ০৭:১৫ বজাত গোমতী নগৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৪১ (গোমতী নগৰ – নিউ জলপাইগুড়ী) বিশেষ ৰে’ল প্ৰতি সোমবাৰে গোমতী নগৰৰ পৰা ০৯:৪০ বজাত প্ৰস্থান কৰি মঙলবাৰে ০৯:২৫ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব।
ৰে’ল নং ০৩১২৯ (কলকাতা- নিউ জলপাইগুড়ী) বিশেষ ৰে’ল প্ৰতি দেওবাৰে কলকাতাৰ পৰা ২৩:৪০ বজাত প্ৰস্থান কৰি সোমবাৰে ১০:৪৫ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৩১৩০ (নিউ জলপাইগুড়ী- কলকাতা) বিশেষ ৰে’ল প্ৰতি সোমবাৰে নিউ জলপাইগুড়ীৰ পৰা ১২:৪৫ বজাত প্ৰস্থান কৰি মঙলবাৰে ০০:৪০ বজাত কলকাতাত গৈ উপস্থিত হ’ব।
ৰে’ল নং ০৫৭৩৮ (নিউ জলপাইগুড়ী- নৰকটিয়াগঞ্জ) বিশেষ ৰে’ল প্ৰতি দেওবাৰে নিউ জলপাইগুড়ীৰ পৰা ১৪:০৫ বজাত প্ৰস্থান কৰি সোমবাৰে ০৫:০০ বজাত নৰকটিয়াগঞ্জত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৩৭ (নৰকটিয়াগঞ্জ- নিউ জলপাইগুড়ী) বিশেষ ৰে’ল প্ৰতি সোমবাৰে নৰকটিয়াগঞ্জৰ পৰা ০৭:০০ বজাত প্ৰস্থান কৰি একে দিনাই ২১:৩০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব।
ৰে’ল নং ০৫৭৪০ (নিউ জলপাইগুড়ী- পাটনা জং.) বিশেষ ৰে’ল প্ৰতি শনিবাৰে নিউ জলপাইগুড়ীৰ পৰা ০৫:০০ বজাত প্ৰস্থান কৰি একে দিনাই ১৭:৪০ বজাত পাটনা জংচনত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৩৯ (পাটনা জং.- নিউ জলপাইগুড়ী) বিশেষ ৰে’ল প্ৰতি শনিবাৰে পাটনা জংচনৰ পৰা ১৯:৩০ বজাত প্ৰস্থান কৰি দেওবাৰে ০৯:৩০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব।
ৰে’ল নং ০৫৭৩৪ (কিষাণগঞ্জ-অমৃতসৰ) বিশেষ ৰে’ল প্ৰতি বৃহস্পতিবাৰে কিষাণগঞ্জৰ পৰা ০৯:১০ বজাত প্ৰস্থান কৰি শনিবাৰে ০০:১০ বজাত অমৃতসৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৭৩৩ (অমৃতসৰ- কিষাণগঞ্জ) বিশেষ ৰে’ল প্ৰতি শনিবাৰে অমৃতসৰৰ পৰা ০৪:২৫ বজাত প্ৰস্থান কৰি দেওবাৰে ১৭:৩০ বজাত কিষাণগঞ্জত গৈ উপস্থিত হ’ব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী