
আকৌ এবাৰ মাতৃ হৈ পৰিছে অভিনেত্ৰী গৌহৰ খান। দীৰ্ঘদিন ধৰি গৰ্ভধাৰণৰ বাবে শিৰোনাম দখল কৰা গৌহৰে অৱশেষত অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিলে। ১ ছেপ্টেম্বৰত দ্বিতীয় পুত্ৰ সন্তান জন্ম দিছে অভিনেত্ৰীগৰাকীয়ে।
গৌহৰ আৰু তেওঁৰ স্বামী জাইদ দৰবাৰে ছচিয়েল মিডিয়াত এটা সুন্দৰ পোষ্টৰ জৰিয়তে এই মৰমলগা খবৰটো শ্বেয়াৰ কৰিছে। এই পোষ্টটো ওলোৱাৰ লগে লগে সমগ্ৰ মনোৰঞ্জন উদ্যোগ আৰু অনুৰাগীৰ মাজত অভিনন্দনৰ বানপানী। সকলোৱে দম্পতীহালক শুভেচ্ছা জনাই কণমানি অতিথিলৈ বহুত মৰম প্ৰেৰণ কৰিছে।
গৌহৰে নিজৰ ইনষ্টাগ্ৰামত পোষ্টাৰখন শ্বেয়াৰ কৰি লিখিছে, ‘২০২৫ চনৰ ১ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা ডাঙৰ ভাইটিক আদৰিবলৈ সাজু হৈছে জেহানে। ইয়াৰ লগতে গৌহৰ আৰু জাইদে গোটেই যাত্ৰাত প্ৰাৰ্থনা আৰু মৰমেৰে ঘেৰি ৰখা বন্ধু-বান্ধৱী, পৰিয়াল আৰু শুভাকাংক্ষীসকলক ধন্যবাদ জনাইছে।
পোষ্টটো শ্বেয়াৰ হোৱাৰ লগে লগে কমেণ্ট ছেকচনত অভিনন্দন ঢালিবলৈ ধৰিলে। টিভি তাৰকাৰ পৰা আৰম্ভ কৰি চলচ্চিত্ৰ জগতৰ ডাঙৰ নামলৈকে দম্পতীহালক অভিনন্দন জনাই কণমানি অতিথিলৈ আশীৰ্বাদ প্ৰেৰণ কৰে।
২০২০ চনৰ ২৫ ডিচেম্বৰত বিখ্যাত নৃত্য পৰিচালক জাইদ দৰবাৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা গৌয়াৰ খানে আৰম্ভণিৰে পৰাই ছ’চিয়েল মিডিয়াত অতি জনপ্ৰিয়তা লাভ কৰিছিল এই যুটিটোৱে। তাৰ পিছত ২০২৩ চনৰ ১০ মে’ত এই দম্পতীহালে প্ৰথম পুত্ৰ জেহানক আদৰণি জনায়। এতিয়া জেহান ডাঙৰ ভাইত পৰিণত হৈছে আৰু পৰিয়ালটোৰ কণমানি সদস্যজনৰ আগমনৰ লগে লগে আনন্দ দুগুণ হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া