শিৱসাগৰত স্বাস্থ্যখণ্ডৰ পয়ালগা ৰূপ
শিৱসাগৰত স্বাস্থ্যখণ্ডৰ পয়ালগা ৰূপ ।
শিৱসাগৰত স্বাস্থ্যখণ্ডৰ পয়ালগা ৰূপ


শিৱসাগৰ, ০২ ছেপ্টেম্বৰ (হি.স.): শিৱসাগৰত স্বাস্থ্যখণ্ডৰ আদৰ্শ চিকিৎসালয়ৰ পৰা উপকৃত হোৱা নাই জনতা । বহু কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আদৰ্শ চিকিৎসালয় বৰ্তমান অসাৰ হৈ পৰিছে। দিনৰ এক বজাতেই বন্ধ হয় আদৰ্শ চিকিৎসালয় খন।

অত্যাধুনিক সা-সামগ্ৰীৰে উপলব্ধ থকা চিকিৎসালয়খনত সম্প্ৰতি চিকিৎসকৰ অভাৱ । শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰোগীৰ বোজা হ্ৰাস কৰিবৰ বাবে শিৱসাগৰৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয় চৌহদত নিৰ্মাণ কৰা হৈছিল চিকিৎসালয়খন । বৰ্তমান চিকিৎসকৰ অভাৱৰ বাবেই বন্ধ হোৱাৰ পথত আদৰ্শ চিকিৎসালয়। এইক্ষেত্ৰত জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিছে জাতীয় সংগ্ৰামী সেনাই । শীঘ্ৰেই চিকিৎসালয়খনত চিকিৎসক মকৰল কৰাৰ দাবী জনাইছে সংগঠনটোৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande