ঘটনাস্থলীত আৰক্ষীৰ লগতে অৰ্ধ - সেনাবাহীনি দল উপস্থিত
ধুবুৰী, ০২ ছেপ্টেম্বৰ (হি.স.): ধুবুৰী জিলাৰ বটেৰহাট বজাৰত তামোল খোৱাৰ ঘটনাক লৈ ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়। পান–তামোলৰ দোকানত তামোল বাকীকৈ বিচৰাত অভদ্ৰ ব্য়ৱহাৰ কৰাক লৈয়ে এই ঘটনাৰ সূত্ৰপাত ঘটে।
জানিব পৰা মতে, বিদুৰ ৰায় নামৰ ব্যক্তি এজনে পান খাবলৈ যায় একাব্বৰ আলী নামৰ ব্যাক্তি এজনৰ দোকানত। সেই সময়তে দুপৰীয়া আহাৰ খাবলৈ গৈছিল একাব্বৰ আলীয়ে, দোকানত থৈ গৈছিল় নুৰুদ্দিন আলী নামৰ একাব্বৰৰ সৰু লʼজনৰাক । সেই সময়তে তামোল পান খাবলৈ আহে বিদুৰ ৰায়ে। বিদুৰ ৰায়ে একাব্বৰৰ লৰাৰ পৰা তামুল পান এটা বাকীত বিচাৰে, আৰু বাকী বিচৰাৰ বাবে একাব্বৰৰ লʼৰা নুৰুদ্দিনে বিদুৰ ৰায়ক পাগল বুলি সম্ভোধন কৰে আৰু বাকী নিদিও বুলি বিদুৰ ৰায়ক কঠোৰ ভাষা কয়। তাৰ বাবে বিদুৰ ৰায়ে লʼৰাজনক গালত চৰ সোধায় (থাপৰ এটা দিয়ে) ।
তাৰ পিছতে একাব্বৰৰ দুই লʼৰাৰ লগতে দলে- বলে আহি বিদুৰ ৰায়ক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে আৰু উভয় পক্ষই গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে। পিছত ততাতৈয়াকৈ ৰাইজে চিকিৎসালয়লৈ যায়। ইফালে পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ আশংক্ষা বুজি আৰক্ষীৰ লগতে অৰ্ধ-সামৰিক বাহিনী ঘটনাস্থলীত উপস্থিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ