ধুবুৰী, ০২ ছেপ্টেম্বৰ (হি.স.): নিষিদ্ধ গাঞ্জাৰ বিৰুদ্ধে বিলাসীপাৰাৰ সম জিলাৰ সাপটগ্ৰাম আৰক্ষীৰ অভিযান অব্যাহত আছে । গোপন সূত্ৰৰ পম খেদি সাপটগ্ৰাম আৰক্ষীয়ে যোৱা কালি সোমবাৰে নিশা সাপটগ্ৰাম চহৰত চলায় এক অভিযান। অভিযানত বুজন পৰিমাণৰ গাঞ্জা সহ আটক হয় এজন গাঞ্জা ব্যৱসায়ী | আৰক্ষীয়ে আটক কৰে জীৱন কানু বৈদ্য নামৰ গেলামাল দোকানৰূপী গাঞ্জা ব্যৱসায়ী জন |
দীৰ্ঘদিন দিনৰ পৰাই কানু নামৰ দোকানী জনে নিজৰ গেলামাল দোকানত অবৈধ বাবে গাঞ্জা মজুত কৰি ৰাখি ৰমৰমীয়া বেহা চলাই গৈছিল। জব্দ কৰা গাঞ্জা খিনি পৰিমান ১কেজি ৪৫৩ গ্ৰাম বুলি জানিব পৰা গৈছে। ধৃত গাঞ্জা ব্যৱসায়ী কানু বৈদ্য সাপটগ্ৰাম চহৰৰ ২ নং ৱাৰ্ডৰ বাসিন্দা ।আটকাধীন ব্যক্তি জনক সাপটগ্ৰাম আৰক্ষীৰ থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা