লা লিগা ২০২৫-২৬: ঘৰুৱা প্ৰথমখন খেলত বাৰ্চিলোনাই ভেলেন্সিয়াক ৬-০ গ’লত পৰাজিত
বাৰ্চিলোনা, ১৫ ছেপ্টেম্বৰ (হি.স.)। লা লিগা ২০২৫-২৬ ছিজনৰ ঘৰুৱা প্ৰথমখন খেলত বাৰ্চিলোনাই মাত্ৰ ৬ হাজাৰ দৰ্শকৰ সন্মুখত ভেলেন্সিয়াক ৬-০ গ’লত পৰাস্ত কৰে। এই গ’ল উৎসৱত তিনিগৰাকী খেলুৱৈয়ে দুটাকৈ গ’ল দিয়ে। এই জয়ৰ জৰিয়তে বার্চিলোনাই ১০ পইণ্টেৰে পইণ্ট তা
एफसी बार्सिलोना के रॉबर्ट लेवांडोव्स्की गोल करने के बाद खुशी मनाते हुए


বাৰ্চিলোনা, ১৫ ছেপ্টেম্বৰ (হি.স.)। লা লিগা ২০২৫-২৬ ছিজনৰ ঘৰুৱা প্ৰথমখন খেলত বাৰ্চিলোনাই মাত্ৰ ৬ হাজাৰ দৰ্শকৰ সন্মুখত ভেলেন্সিয়াক ৬-০ গ’লত পৰাস্ত কৰে। এই গ’ল উৎসৱত তিনিগৰাকী খেলুৱৈয়ে দুটাকৈ গ’ল দিয়ে। এই জয়ৰ জৰিয়তে বার্চিলোনাই ১০ পইণ্টেৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত উপনীত হৈছে৷ প্ৰথম স্থানৰ চাৰিওখন মেচতে জয়লাভ কৰি নিখুঁত আৰম্ভণি কৰা ৰিয়েল মাদ্রিদৰ পৰা দুটা পইণ্ট পিছ পৰি আছে।

বাৰ্চিলোনাই সাধাৰণতে এক লাখ ক্ষমতাসম্পন্ন কেম্প নৌ বা অস্থায়ী ৫৬,০০০ জন ক্ষমতাসম্পন্ন লুইছ কোম্পানীছ অলিম্পিক ষ্টেডিয়ামত খেলে যদিও কেম্প নৌৰ সংস্কাৰত ৯ মাহৰ পলম হোৱাৰ বাবে আৰু পোষ্ট মেল’নৰ কনচাৰ্টৰ ফলত লুইছ কোম্পানীছৰ খেলপথাৰখন ক্ষতিগ্ৰস্ত হোৱাৰ বাবে বাৰ্চাই সৰু এষ্টাডি জোহান ক্ৰুইফ ষ্টেডিয়ামত (৬,০০০ জন ক্ষমতাসম্পন্ন) খেলিবলগীয়া হয়। লা লিগাই বিশেষ ৰেহাই দি দলটোক ইয়াত খেলিবলৈ অনুমতি দিছিল, আনহাতে নিয়ম অনুসৰি প্ৰথম বিভাগৰ ক্লাবৰ ষ্টেডিয়ামৰ নূন্যতম ক্ষমতা ১৫ হাজাৰ হ’ব লাগে।

আন্তঃৰাষ্ট্ৰীয় বিৰতি আৰু অহা সপ্তাহত নিউকেষ্টলৰ বিৰুদ্ধে চেম্পিয়নছ লীগত অভিষেক ঘটোৱাৰ কথা মনত ৰাখি প্ৰশিক্ষক হান্সি ফ্লিকে আৰম্ভণি একাদশত ডাঙৰ পৰিৱৰ্তন সাধন কৰে। ইয়াৰ পিছতো দলটোৱে উজ্জ্বল আৰম্ভণি কৰিছিল। ২৯ মিনিটত ফাৰ্মিন লোপেজে প্ৰথমটো গ’ল দিয়ে। দ্বিতীয়াৰ্ধত ৫৮ মিনিটত মাৰ্কাছ ৰেছফোৰ্ডৰ ক্ৰছত ৰাফিনহাই গ’ল দিয়ে। ইয়াৰ তিনি মিনিটৰ পাছত লোপেজে দ্বিতীয়টো গ’ল দিয়ে। ৬৬ মিনিটত ৰাফিনহাই দ্বিতীয়টো গ’ল সম্পূৰ্ণ কৰে। ৬৮ মিনিটত খেলপথাৰলৈ অহা ৰবাৰ্ট লেৱাণ্ডোস্কিয়ে ক্ল’জ ৰেঞ্জৰ দুটা গ’ল দি বাৰ্চিলোনাৰ ৬-০ গ’লত জয় সম্পূৰ্ণৰূপে নিশ্চিত কৰে।

এই জয়ত সুখী হৈ ফ্লিকে সংবাদমেলত কয় যে দলটোৱে আৰম্ভণিৰে পৰা আমি যি আশা কৰিছিলো সেয়া দেখুৱাইছে। কেৱল লোপেজে নহয়, প্ৰতিজন খেলুৱৈয়ে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু খেল উপভোগ কৰিছিল। প্ৰতিটো স্থানতে দলটোৱে উৎকৃষ্ট আছিল। তিনিটা পইণ্ট নিখুঁত আৰু ইমানবোৰ ডাঙৰ ডাঙৰ খেলুৱৈৰ মাজৰ পৰা বাছি ল’বলগীয়া হোৱাটো মোৰ বাবে এটা ডাঙৰ কথা। এই পৰাজয়ৰ পিছত ভেলেন্সিয়াই ১৫ নম্বৰ স্থানলৈ পিছলি গৈছে আৰু একাউণ্টত মাত্ৰ চাৰিটা পইণ্টহে আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande