ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ বিশেষ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব উদ্যোগ মন্ত্ৰী বিমল বৰা
গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভাৰত চৰকাৰৰ উদ্যোগ নৰ্থ ইষ্টাৰ্ন হেণ্ডিক্ৰাফ্টছ এণ্ড হস্ততাঁত ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ উদ্যোগত বৃহস্পতিবাৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গড়চুকৰ ক্ৰাফ্ট প্ৰমোচন এণ্ড এক্সপিৰি
राष्ट्रीय हथकरघा दिवस–प्रतीकात्मक


গুৱাহাটী, ০৭ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভাৰত চৰকাৰৰ উদ্যোগ নৰ্থ ইষ্টাৰ্ন হেণ্ডিক্ৰাফ্টছ এণ্ড হস্ততাঁত ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডৰ উদ্যোগত বৃহস্পতিবাৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গড়চুকৰ ক্ৰাফ্ট প্ৰমোচন এণ্ড এক্সপিৰিয়েন্স চেণ্টাৰত আৰম্ভ হ’ব এই অনুষ্ঠান।

এই উপলক্ষে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰা। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে উত্তৰ-পূব অঞ্চলৰ হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰীৰ প্ৰচাৰ। ইয়াত শিপিনী আৰু শিপিনীৰ অৱদানক সন্মান জনোৱাৰ লগতে পৰম্পৰাগত কাৰুকাৰ্য্যৰ বৈচিত্ৰ্য প্ৰদৰ্শন কৰা হ’ব।

এই অনুষ্ঠানত বিভিন্ন শিল্প প্ৰদৰ্শনী, লাইভ প্ৰদৰ্শন আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ’ব। এন এইচ এইচ ডি চিৰ এই পদক্ষেপৰ লক্ষ্য হৈছে স্থানীয় শিপিনীসকলক উৎসাহিত কৰা আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানক সবলীকৰণ কৰা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande