–নিৰ্বচনলৈ সাজু কংগ্ৰেছ, তেজপুৰত কংগ্ৰেছৰ সভা
শোণিতপুৰ, ০৭ আগষ্ট (হি.স.)। ৰাজ্যত ২০২৬ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনলৈ সম্পূৰ্ণৰূপে সাজু হৈছে কংগ্ৰেছ ৷এই দাবী কংগ্ৰেছ দলৰ বিধায়িকা শিৱামণি বৰাৰ ৷ আজি তেজপুৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, যদিওবা নিৰ্বাচনৰ নিৰ্দিষ্ট দিন উল্লেখ হ'বলৈ সময় আছে, কিন্তু আজিয়েই যেন নিৰ্বাচনত অৱতীৰ্ণ হ'ব তেওঁ ৷ বটদ্ৰৱাৰ বিধায়িকা গৰাকীৰ নিৰ্বাচনকলৈ মন থৌকিবাথৌ হৈ থকা বুলিও উল্লেখ কৰে ৷ তদুপৰি,
নিৰ্বাচনক লৈ কংগ্ৰেছ দল সম্পূৰ্ণ সাজু বুলি উল্লেখ কৰি তেওঁ আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ আসন বৃদ্ধি পাব যদিও এই মুহুৰ্তত ১২৬ ৰ ভিতৰত কিমান সংখ্যক আসন পাব সেই অংকটোহে আজি উল্লেখ নকৰে বুলি ব্য়ক্ত কৰে বিধায়িকা বৰাই ৷
উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক মনোজ চৌহানে সম্প্ৰতি ৰাজ্যখনৰ তেওঁৰ দায়িত্বত থকা কেবাখনো জিলাত সংগঠনিক কাম-কাজ তদাৰক কৰিছে ৷ সেয়েহে অহা ১২ আগষ্টত শোণিতপুৰলৈ আহিব চৌহান ৷ শোণিতপুৰলৈ চৌহানক কিদৰে আদৰিব আৰু দলটোৰ ভিতৰচ'ৰাৰ সংগঠনিক স্হিতি বুজ লোৱাৰ বাবেই শোণিতপুৰ জিলা কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্বত থকা বিধায়িকা বৰাই সেয়ে মণ্ডল পৰ্যায়ৰ কংগ্ৰেছ নেতা-কৰ্মী সকলৰ স’তে আজি তেজপুৰৰ ৰাজীৱ ভৱনত এক আলোচনাত মিলিত হয়৷ এই সময়তে স্থানীয় সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি বটদ্ৰৱাৰ বিধায়িকা গৰাকীয়ে বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, মিত্ৰতা যদিওবা দলৰ শীৰ্ষ নেতৃত্বই ঠিৰাং কৰিব কিন্তু এগৰাকী বিধায়ক হিচাপে তেওঁ মিত্ৰতা বিচাৰে ৷ কিন্তু কংগ্ৰেছ দলক সমালোচনাৰে থকা-সৰকা কৰি আকৌ মিত্ৰতাৰ কথা ক'ব, সেয়া মানি ল'ব নোৱাৰি বুলি বৰাই উল্লেখ কৰে৷ এই ক্ষেত্ৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মিত্ৰতাৰ প্ৰস্তাৱ আৰু সমালোচনাক লৈ তেওঁ এনেদৰে কয় ৷
আনহাতে ৰাজ্যৰ ৰাজনীতিত চৰ্চিত তিনি গগৈ সন্দৰ্ভত বিশেষকৈ এই তিনি গগৈৰ ভিতৰত শক্তিশালী কোন বুলি কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়িকা বৰাই কয় যে, সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বাহিৰে আন দুজন গগৈ বেলেগ দলৰ ৷ “ৰাইজৰ দলৰ অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ যিহেতু আন দলৰ, তেনেস্থলত এই দুই গগৈক বাদ দি নিজ দলৰ সভাপতি গৌৰৱ গগৈক মোৰ দৃষ্টিত অধিক শক্তিশালী” বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে, গৌৰৱ গগৈ শক্তিশালী হোৱা হেতুকেই স্বয়ং মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা কম্পিত হৈ পৰিছে ৷ তেওঁ আৰু কয় যে, গৌৰৱ গগৈহে যেন অসমৰ মূল সমস্যা৷ গৌৰৱৰ বাদে যেন মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰখনৰ বাবে আন সমস্যা নাইকিয়া হ'ল৷
গৌৰৱ গগৈৰ পাকিস্তানৰে সংযোগ সন্দৰ্ভত আগন্তুক ছেপ্টেম্বৰত কি হ'ব বুলি সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছী বিধায়িকা বৰাই কয় যে, অসমৰ ৰাইজক আভুৱা ভাৰিবলৈকে মুখ্যমন্ত্ৰীয়ে দিন-বাৰ উল্লেখ কৰি সময় পাৰ কৰিছে ৷ তাৰ বাহিৰে ই আন একো নহয় ৷ আনহাতে, উচ্ছেদ সমৰ্থনযোগ্য যদিও উচ্ছেদৰ নামত অযথা হাৰাশাস্তি কাম্য নহয় বুলি উল্লেখ কৰে বিধায়িকা বৰাই ৷ ইপিনে, শৃংখল চলিহাক লৈ মুখচুপতি কৰিব নিবিচাৰে বুলি মন্তব্য কৰি কংগ্ৰেছী বিধায়িকা বৰাই কয় যে, শৃংখলৰ বিৰুদ্ধে কিবা এষাৰ কোৱা মানেই শৃংখলৰ টাৰ্গেট হোৱা ৷ সেয়ে অনাহকত শৃংখলৰ বিৰুদ্ধে মাত মাতিবলৈ নিবিচৰে বটদ্ৰৱাৰ বিধায়িকা বৰাই ৷ তদুপৰি, যি মানুহৰ কথা-বাৰ্তাত শালিনতা নাই তেনে মানুহক লৈ কোনো মন্তব্য তেওঁ নকৰে বুলিও উল্লেখ কৰে ৷
ইপিনে, ২০২৬ ত কংগ্ৰেছত মহিলাৰ আসনৰ সংখ্যা বৃদ্ধি পাব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে মহিলা সংৰক্ষণ বিধেয়ক প্ৰথমে কংগ্ৰেছেই আনিছিল ৷ কংগ্ৰেছ দলেই ৩৩ শতাংশ মহিলাৰ আসন সংৰক্ষণৰ কথা উল্লেখ কৰিছিল ৷ কিন্তু বিজেপিয়ে কাৰ্যকৰী নকৰি কেৱল বিধেয়কখন পাছ কৰিয়েই পেলাই থৈছে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে, ২০২৬ ত কংগ্ৰেছ দলে মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব বুলি তেওঁ যথেষ্ট আশাবাদী৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ