মণিপুৰত আই এল পিৰ বিশেষ অভিযানঃ ২৪১২ জনৰ স্ক্ৰীনিং, ১৭০ জনৰ নাই আই এল পি
সেনাপতি, ০৭ আগষ্ট (হি.স.)। মণিপুৰৰ সেনাপতি জিলাত চলি থকা এক বিশেষ অভিযানৰ অধীনত এই পৰ্যন্ত ২৪১২ জন লোকক চিনাক্ত কৰি পৰীক্ষা কৰা হৈছে। অবৈধভাৱে বসবাস কৰা বাহিৰৰ লোক আৰু বৈধ নথি-পত্ৰ অবিহনে যাত্ৰা কৰা লোকসকলক চিনাক্ত কৰিবলৈ এই অভিযান চলোৱা হৈছে। বৃহস্
आईएलपी-प्रतीकात्मक


সেনাপতি, ০৭ আগষ্ট (হি.স.)। মণিপুৰৰ সেনাপতি জিলাত চলি থকা এক বিশেষ অভিযানৰ অধীনত এই পৰ্যন্ত ২৪১২ জন লোকক চিনাক্ত কৰি পৰীক্ষা কৰা হৈছে। অবৈধভাৱে বসবাস কৰা বাহিৰৰ লোক আৰু বৈধ নথি-পত্ৰ অবিহনে যাত্ৰা কৰা লোকসকলক চিনাক্ত কৰিবলৈ এই অভিযান চলোৱা হৈছে।

বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা আনুষ্ঠানিক তথ্য অনুসৰি ১৭০ জন লোকক ইনাৰ লাইন পাৰ্মিট (আই এল পি) অবিহনে উদ্ধাৰ হোৱাৰ বিপৰীতে ১৩৪ জন লোকৰ মেয়াদ উকলি যোৱা আই এল পি আছিল। সকলোকে লগে লগে মাও গেট আই এল পি কাউণ্টাৰলৈ পঠিওৱা হয়, য’ৰ পৰা তেওঁলোকে বৈধ অনুমতি ল’বলগীয়া হয়।

যোৱা সপ্তাহত আৰম্ভ কৰা এই বিশেষ অভিযান সেনাপতি জিলা আৰক্ষী টাস্ক ফ’ৰ্চে নিৰীক্ষণ কৰি আছে। জিলাখনৰ সকলো থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ-২, মৰম-পেৰেন পথ, তাডুবি-টল্লয় পথ আৰু বিভিন্ন আন্তঃগাওঁ পথত চলাই আছে এই অভিযান।

আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে এতিয়ালৈকে কোনো অবৈধ প্ৰব্ৰজনকাৰী বা বিদেশী নাগৰিক ধৰা পৰা নাই যদিও সকলো সীমান্ত প্ৰৱেশ পইণ্টতে কঠোৰ পৰীক্ষা চলি আছে। অনাগত দিনত এই অভিযান তীব্ৰতৰ কৰা হ’ব বুলিও বিষয়াসকলে কৈছে।

মন কৰিবলগীয়া যে ইনাৰ লাইন পাৰ্মিট (আই এল পি) হৈছে মণিপুৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বহু ৰাজ্যত প্ৰযোজ্য এক বিশেষ ভ্ৰমণ নথি, যাৰ লক্ষ্য হৈছে স্থানীয় জনজাতীয় আৰু খিলঞ্জীয়া জনগোষ্ঠীক সুৰক্ষা প্ৰদান কৰা।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

 rajesh pande