কোকৰাঝাৰ, ০৭ আগষ্ট (হি.স.)। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ টিপকাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি ৭ কোটি ৫০লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হ’ব লগা দু-মহলীয়া অট্টালিকাৰ বিদ্যালয় গৃহৰ নিৰ্মান কামৰ মাংগলিক নীতি নিয়মৰে আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডঃ ৰণোজ পেগুৱে।
মন্ত্ৰী গৰাকীক সংগ দিয়ে প্ৰাক্তন বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ বনেন্দ্ৰ কুমাৰ মুছাহাৰী,প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ বেছা-কেনা নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহীৰ লগতে বহুত গণ্য মান্য ব্যক্তি। ছাত্ৰ অনুপাতে শিক্ষক নথকা বিদ্যালয়কলৈ সাংবাদিকে প্ৰশ্ন সোধাত শিক্ষামন্ত্ৰী জনে এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ