মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কংগ্ৰেছ দলৰ
গুৱাহাটী, ০৭ আগষ্ট(হি.স.)। আজি ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবী তুলিলে কংগ্ৰেছ দলে। ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনক তীক্ষ্ণ সমালোচনা কৰি কয় যে, অসমৰ মুখ্যমন্ত্ৰী জনে ৰাইজক নিৰাপ
মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কংগ্ৰেছ দলৰ


গুৱাহাটী, ০৭ আগষ্ট(হি.স.)। আজি ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবী তুলিলে কংগ্ৰেছ দলে। ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনক তীক্ষ্ণ সমালোচনা কৰি কয় যে, অসমৰ মুখ্যমন্ত্ৰী জনে ৰাইজক নিৰাপত্তা দিব নোৱাৰি আজি ৰাইজৰ হাতত বন্দুক তুলি দি নিজে নিজৰ নিৰাপত্তা ব্যৱস্থা কৰি ল’বলৈ আহ্বান জনোৱা কাৰ্যই প্ৰমাণ কৰিছে যে ৰাজ্য শাসনত মুখ্যমন্ত্ৰী জন আজি সম্পূৰ্ণ ভাবে ব্যৰ্থ হৈছে।

শেহতীয়াকৈ উজনি অসমত মিঞা বিচৰাৰ নামত আইন শৃংখলাজনিত পৰিস্থিতিৰ যি ভাৱে অৱনতি ঘটিছে সেই সমস্ত ঘটনাক্ৰমত উদ্বেগ প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কয় যে, দেশৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ সূত্ৰে আজি নামনি অসমৰ কিছু মুছলমান ব্যক্তিয়ে পেটৰ তাড়নাত উজনি অসমলৈ কামৰ সংক্ৰান্তত গৈছে যিদৰে অসমীয়া যুৱক-যুৱতীসকল বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত যায়। এখন ৰাজ্য চৰকাৰৰ মৌলিক দায়িত্ব হʼল দেশৰ নাগৰিকৰ নিৰাপত্তা ব্যৱস্থা সু-নিশ্চিত কৰাতো।

কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰ বাৰুকৈয়ে বিফল হৈছে। তেওঁ লগতে কয়, যদি কʼৰবাত বিদেশী বাংলাদেশী আছে চৰকাৰে তাক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰক। ইয়াৰোপৰি ৰাজ্যত সংঘটিত আইন শৃংখলাজনিত পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটা বাবে ৰাজ্যপালৰ দ্বাৰা মুখ্যমন্ত্ৰী জনক বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰে ৰিপুণ বৰাই।

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ৰিপুণ বৰাই কয় যে, অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত আয়োগ গঠন কৰিছিল আৰু সেই আয়োগে খিলঞ্জীয়া ৰক্ষাৰ বাবে যি প্ৰতিবেদন দাখিল কৰিছিল তাক আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল !

বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ মানি অসমীয়াৰ সুৰক্ষা কৱচ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰি নিজকে অসম প্ৰেমী বুলি প্ৰমাণ কৰি দেখুৱাওক। লগতে তেওঁ মত প্ৰকাশ কৰি কয় যে, বিজেপি চৰকাৰ খনে নিজকে খিলঞ্জীয়া প্ৰেমী বুলি কয়, কিন্তু প্ৰকৃততে এই চৰকাৰ খন খিলঞ্জীয়া বিৰোধী। চৰকাৰে আজি অসমৰ হাজাৰ-হাজাৰ বিঘা মাটি ৰামদেৱ,আদানি, আম্বানিৰ হাতত তুলি দিয়া কাৰ্যই প্ৰমাণ কৰে যে এই চৰকাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়ি খোৱা চৰকাৰ।

সংবাদমেলত অসমৰ জাতীয় সংগঠন সমূহক অসমৰ সাতামপুৰুষীয়া সমন্বয় ৰক্ষা কৰিবলৈ আহ্বান জনায় বৰাই প্ৰকাশ কৰে যে, অসমৰ বুৰঞ্জী তথা সংস্কৃতিত হিংসা আৰু ঘৃণাৰ স্থান নাই। এই অসম ভূমি শঙ্কৰদেৱ-লাচিত আৰু আজান ফকীৰৰ দেশ।

আমি সকলোৱে শান্তি বজাই ৰাখিব লাগিব। সংবাদমেলত, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে জাতি, মাটি, ভেটি সুৰক্ষাৰ নামত অসমৰ খিলঞ্জীয়া ৰাইজক হাৰাশাস্তি কৰিছে। সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি মেহদী আলম বৰা, সাধাৰণ সম্পাদক বিপুল গগৈ আৰু জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ, মুখপাত্ৰ ৰিতম সিং উপস্থিত আছিল।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande