জম্মু,, ৩১ আগষ্ট (হি.স)। জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী জিলা পুঞ্চত দেওবাৰে অস্ত্ৰসহ দুজন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত সন্ত্ৰাসবাদীক আজামাবাদৰ তাৰিক শ্বেখ আৰু চেম্বাৰ গাঁৱৰ ৰিয়াজ আহমেদ বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে জনোৱা মতে, শ্বেখ আৰু তেওঁৰ সহযোগী আহমেদক তেওঁৰ ঘৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয়। জেৰাৰ অন্তত আৰক্ষীৰ দলটোৱে জালিয়ান গাঁৱৰ শ্বেখৰ ভাড়াঘৰতো অভিযান চলাই তাৰ পৰা দুটা এছাল্ট ৰাইফল আৰু কিছু কাৰ্টিজ উদ্ধাৰ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া