বোকাজানত বিদ্যুতপৃষ্ঠ হৈ এজন নিহত,পাচজন আহত
কাৰ্বি আংলং, ৩১ আগষ্ট (হি.স.)। বোকাজানত সংঘটিত মৰ্মান্তিক ঘটনা। উত্তপ্ত পৰিস্থিতি খটখটী এপিডিচিএল নিয়ন্ত্ৰণ কক্ষত। বিদ্যুৎ বিভাগৰ চুৰান্ত গাফিলতিৰ বাবেই প্ৰাণ গল এজনৰ। কৰ্মৰত শ্ৰমিকৰ ৰোষত পৰে এপিডিচিএল ৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্মচাৰী । এজন অতি সংকট জনক অৱ
বোকাজানত বিদ্যুতপৃষ্ঠ হৈ এজন নিহত,পাচজন আহত


কাৰ্বি আংলং, ৩১ আগষ্ট (হি.স.)। বোকাজানত সংঘটিত মৰ্মান্তিক ঘটনা। উত্তপ্ত পৰিস্থিতি খটখটী এপিডিচিএল নিয়ন্ত্ৰণ কক্ষত। বিদ্যুৎ বিভাগৰ চুৰান্ত গাফিলতিৰ বাবেই প্ৰাণ গল এজনৰ। কৰ্মৰত শ্ৰমিকৰ ৰোষত পৰে এপিডিচিএল ৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্মচাৰী । এজন অতি সংকট জনক অৱস্থাত বোকাজানৰ এখন ব্যক্তিগত চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি থকাৰ লগতে গুৰুতৰভাৱে আহত আন কেইবাজনো শ্ৰমিক।

খটখটীত নতুন ৩৩কেভি বিদ্যুৎ সংযোগৰ কাম চলি থকা অৱস্থাত ওচৰেৰে যোৱা অন্য এডাল ১১ কেভি বিদ্যুৎ পৰিবাহী তাঁৰত নিয়ন্ত্ৰণ কক্ষৰ পৰা বিদ্যুৎ সংযোগ দিয়াৰ ফলত কাম কৰি থকা শ্ৰমিক সকল বিদ্যুৎপৃষ্ঠ হয় আৰু যতীন বৰা নামৰ শ্ৰমিক জন ঘটনাস্থলিতে মৃত্যু হয় আৰু আন পাঁচজন শ্ৰমিক অতি গুৰুতৰ ভাৱে আহত হয়। ইয়াৰে মিঠুন বৰদলৈ নামৰ শ্ৰমিকজন আঘাত গুৰুতৰ হোৱাত বৰ্তমান বোকাজানৰ আৰোগ্য নামৰ ব্যক্তিগত চিকিৎসালয় খনত আইচিইউ ত চিকিৎসাধীন হৈ আছে । মৃত্যু হোৱা যতীন বৰাৰ ঘৰ গোলাঘাট জিলাৰ চুঙাজানত, আৰু তেওঁ এগৰাকী ৩ বছৰীয়া কন্যা সন্তানৰ সৈতে, পত্নীক এৰি থৈ যায়। জানিব পৰা মতে, উক্ত ৩৩ কেভি নতুন বিদ্যুৎ সংযোগৰ কাম গুৱাহাটীৰ ইউ কে নামৰ এটা প্ৰতিষ্ঠানে কাম কৰি আছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande