দুধনৈত অগ্নিকাণ্ডৰ ধ্বংসাৱশেষৰ ভিতৰত এটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ
গোৱালপাৰা, ৩১ আগষ্ট (হি.স.)। গোৱালপাৰাৰ দুধনৈ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশা সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত অগ্নিদগ্ধ লোক এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আজি ৰাতিপুৱাৰ ভাগত অগ্নিকাণ্ডৰ ধ্বংসাৱশেষৰ ভিতৰত এটা অগ্নিদগ্ধ মৃতদেহ ৰাইজে প্ৰত্যক্ষ কৰে।
দুধনৈত অগ্নিকাণ্ডৰ ধ্বংসাৱশেষৰ ভিতৰত এটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ


গোৱালপাৰা, ৩১ আগষ্ট (হি.স.)। গোৱালপাৰাৰ দুধনৈ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশা সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত অগ্নিদগ্ধ লোক এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আজি ৰাতিপুৱাৰ ভাগত অগ্নিকাণ্ডৰ ধ্বংসাৱশেষৰ ভিতৰত এটা অগ্নিদগ্ধ মৃতদেহ ৰাইজে প্ৰত্যক্ষ কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে।

মৃতদহটো এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই যদিও মৃতদেহটো বিদ্যালয়খনত অস্থায়ী ভাবে কাম কৰা কৰ্মচাৰী বিবেকানন্দ ৰাভাৰ বুলি সন্দেহ কৰিছে। মৃতদেহৰ হাতত থকা এপাত খাৰুৱে এই সন্দেহ ঘনীভুত কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande