প্ৰধানমন্ত্ৰীৰ চীন ভ্ৰমণক লৈ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ প্ৰশ্ন উত্থাপন
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Consolas;font-size:11pt;} নতুন দিল্লী, ৩১ আগষ্ট (হি.স.)। আমেৰিকাৰ সৈতে শুল্ক বিবাদৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চীন ভ্ৰ
जयराम रमेश


body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Consolas;font-size:11pt;}

নতুন দিল্লী, ৩১ আগষ্ট (হি.স.)। আমেৰিকাৰ সৈতে শুল্ক বিবাদৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চীন ভ্ৰমণক সমালোচনা কৰিছে কংগ্ৰেছ দলে। দলৰ মুখপাত্ৰ জয়ৰাম ৰমেশে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে এই ভ্ৰমণৰ মূল্যায়ন ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থৰ প্ৰেক্ষাপটত কৰা উচিত।

জয়ৰাম ৰমেশে তেওঁৰ এক্স-পোষ্টত কয় যে ২০২০ চনৰ জুন মাহত গলৱান উপত্যকাত চীনৰ আগ্ৰাসনৰ সময়ত ২০ জন ভাৰতীয় সৈনিকে সৰ্বোচ্চ ত্যাগ কৰিছিল। ইয়াৰ পিছতো প্ৰধানমন্ত্ৰী মোদীয়ে ১৯ জুন ২০২০ তাৰিখে চীনক ক্লিন চিট দিছিল। সীমান্তত যি স্থিতি পুনৰ ঘূৰাই আনিবলৈ ব্যৰ্থ হোৱাৰ পিছতো চৰকাৰে চীনৰ সৈতে মিলনৰ দিশত আগবাঢ়িছে, ইয়াৰ দ্বাৰা বেইজিঙৰ আগ্ৰাসনৰ পৰোক্ষ বৈধতা স্বীকাৰ কৰিছে।

জয়ৰাম ৰমেশে চলিত বৰ্ষৰ ৪ জুলাইত উপ সেনা প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰাহুল সিঙৰ বক্তব্যৰ উদ্ধৃতি দি কয়, য’ত তেওঁ পাকিস্তান আৰু চীনৰ যুগলবন্দী সন্দৰ্ভত সকীয়াই দিছিল। তেওঁ কয় যে এই গুৰুতৰ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত সুনিৰ্দিষ্ট পদক্ষেপ লোৱাৰ পৰিৱৰ্তে চৰকাৰে মৌনতা অৱলম্বন কৰি এতিয়া চীনক ৰাজ্যিক ভ্ৰমণেৰে পুৰস্কৃত কৰিছে।

তেওঁ কয় যে চীনে ইয়াৰলুং ছাংপো নদীত বিশাল জলবিদ্যুৎ প্ৰকল্পৰ ঘোষণা ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে এক ভয়াৱহ ভাবুকি যদিও এই বিষয়ত কেন্দ্ৰীয় চৰকাৰে এতিয়াও কোনো সঁহাৰি দিয়া নাই।

জয়ৰাম ৰমেশে কয় যে চীনৰ পৰা আমদানি অনিয়ন্ত্ৰিতভাৱে ডাম্পিং কৰাৰ ফলত ভাৰতীয় সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এমএছএমই) ইউনিটসমূহ বেয়াকৈ প্ৰভাৱিত হৈছে। আন দেশৰ দৰে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিৱৰ্তে ভাৰতে চীনৰ আমদানিৰ ক্ষেত্ৰত মুক্ত হাত দিছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande