কোকৰাঝাৰ, ৩১ আগষ্ট (হি.স.): বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে যোৱাকালি শনিবাৰে সন্ধিয়া দ্বিতীয় পৰ্যায়ত ১০ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ দ্বিতীয় পৰ্যায়ত ঘোষিত প্ৰাৰ্থীৰ তালিকা মতে–
১৮ নম্বৰ মানাস সেৰফাং পৰিষদীয় সমষ্টি (এছ টি) জাংগিলা হাজোৱাৰী,
১৯ নং থুৰিবাৰী (মুকলি) সমষ্টিত প্ৰাক্তন পাৰিষদ খলিলুৰ ৰহমান, ২১নম্বৰ শালবাৰী(জনজাতি) সমষ্টিত দিগন্ত গয়াৰী,
২২ নম্বৰ কোকিলাবাৰী সমষ্টিত সৗমখৗৰ বড়ো, ২৮ নম্বৰ গয়বাৰী(তামুলপুৰ)সমষ্টিত জীতেন মুছাহাৰী৩২ নং ভেৰগাঁও জনজাতি সমষ্টিত মনছুমা বসুমতাৰী, ৩৩ নম্বৰ ননৈ সেৰফাং সমষ্টিত পল টপ্প৩৪ নম্বৰ খালীং দুৱাৰ সমষ্টিত প্ৰাক্তন কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰী,
৩৭ নম্বৰ পাচনৈ সেৰফাং সমষ্টিত প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডী আৰু ৪০ নম্বৰ ৰৌতা সমষ্টিত বিধায়ক চৰণ বড়োৰ নাম ঘোষণা কৰে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ