নতুন দিল্লী, ৩১ আগষ্ট (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে সন্ধিয়া জম্মুত উপস্থিত হৈ যোৱা কিছুদিনত জম্মু-কাশ্মীৰত বানপানী আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। ১ ছেপ্টেম্বৰত তেওঁ ৰাজভৱনত সাহায্য আৰু উদ্ধাৰ অভিযানৰ লগত জড়িত সেনা আৰু নিৰাপত্তা বাহিনীৰ বিষয়াকে ধৰি লেফটেনেণ্ট গৱৰ্ণৰৰ লগতে জ্যেষ্ঠ প্ৰশাসনিক বিষয়াৰ সৈতে বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতি আৰু বানাক্ৰান্ত অঞ্চলসমূহৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব।
উল্লেখযোগ্য যে চলিত বাৰিষাৰ সময়ত জম্মু সংমণ্ডলৰ কিষ্টৱাৰৰ চাশোতি, কঠুৱা আৰু ৰিয়াছি জিলাৰ মাতা বৈষ্ণো যাত্ৰা পথত ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ঘটনাই বহু লোকৰ জীৱন আৰু সা-সম্পত্তিৰ ক্ষতিসাধন কৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া