ভূপাল, ৩১ আগষ্ট (হি.স.)। দিল্লীৰ পৰা ইন্দোৰলৈ অহা এয়াৰ ইণ্ডিয়াৰ বিমানত উৰণৰ কিছু সময়ৰ পিছতে কাৰিকৰী বিসংগতি ঘটিছিল। কোৱা হৈছে যে বিমানখনৰ সোঁ ইঞ্জিনত অগ্নিকাণ্ডৰ সতৰ্কবাণী পোৱা গৈছিল। এই কথা ততাতৈয়াকৈ সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱা হয়, তাৰ পিছত পাইলটে লগে লগে সোঁফালৰ ইঞ্জিনটো বন্ধ কৰি দিল্লী বিমানবন্দৰত এটা ইঞ্জিনত বিমানখনৰ জৰুৰীকালীন অৱতৰণ কৰে।
দেওবাৰে এয়াৰ ইণ্ডিয়াৰ বিমান এআই ২৯১৩ দিল্লীৰ পৰা ইন্দোৰলৈ উৰা মাৰিছিল। বিমানখন উৰা মৰাৰ ক্ষন্তেক পিছতেই পাইলটে জুইৰ ইংগিত পাবলৈ ধৰিলে। ইয়াৰ পিছত পাইলটে এলাৰ্ট প্ৰেৰণ কৰি পুনৰ অৱতৰণ কৰাৰ অনুমতি বিচাৰিলে। ইয়াৰ লগে লগে বিমানখন নিৰাপদে অৱতৰণ কৰা হয়। এই সময়ত গ্ৰাউণ্ড ষ্টাফক সতৰ্ক কৰি ৰখা হৈছিল।
এয়াৰ ইণ্ডিয়াই জনোৱা মতে, বিমান নম্বৰ এআই ২৯১৩ ত কাৰিকৰী বিজুতি ঘটিছে। এলাৰ্ম বাজিলেই পাইলটে পলম নকৰাকৈ ষ্টেণ্ডাৰ্ড অপাৰেটিং পদ্ধতি অনুসৰণ কৰে। বিমানখন নিয়ন্ত্ৰণত পুনৰ দিল্লী বিমানবন্দৰলৈ অনা হয়। অৱতৰণ কৰাৰ লগে লগে যাত্ৰীসকলক নিৰাপদে উলিয়াই অনা হয়। ইতিমধ্যে ৰাণৱেত উপস্থিত থকা নিৰাপত্তা আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে বিমানখন পৰীক্ষা কৰিছে। সমগ্ৰ অভিযানৰ সময়ছোৱাত সুৰক্ষাৰ প্ৰট’কল কঠোৰভাৱে পালন কৰা হৈছিল।
এয়াৰ ইণ্ডিয়াই জনোৱা মতে, যাত্ৰীসকলক ইন্দোৰলৈ নিবলৈ বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছে। এই ঘটনাৰ বিষয়ে নিয়ন্ত্ৰণ কৰ্তৃপক্ষক অৱগত কৰা হৈছে। এয়াৰ ইণ্ডিয়াই যাত্ৰীসকলৰ অসুবিধাৰ বাবে ক্ষমা বিচাৰি কয় যে যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষা কোম্পানীটোৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। এয়াৰ ইণ্ডিয়াই কয় যে যাত্ৰীসকলৰ সুৰক্ষা সন্দৰ্ভত কোনো আপোচ কৰা হোৱা নাই। আমি বিষয়টোৰ তদন্ত কৰি আছে। অভিযন্তাৰ এটা দলে কাৰিকৰী পৰীক্ষণ চলাই আছে যাতে বিজুতিৰ প্ৰকৃত কাৰণ জানিব পৰা যায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া