বিয়াল্লিশৰ গণ আন্দোলনৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচন, নগাঁও চহৰৰ প্ৰৱেশদ্বাৰ মুকলি
গুৱাহাটী, ২৩ আগষ্ট (হি.স.)। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি নগাওঁ জিলাৰ কঠিয়াতলীৰ ৰাঙলুত স্থাপন কৰা ৰাজ্যৰ প্ৰথমটো স্বীকৃতিপ্ৰাপ্ত গাড়ীচালক প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্বয়ংক্ৰিয়া ড্ৰাইভিং ষ্টেষ্ট ট্ৰেকৰ উদ্বোধন কৰে। এই পদক্ষেপে পৰিবহণ বিভাগত সুপ্ৰশাসন, স্বচ্ছতা, স্পৰ্শবিহীন সেৱা আৰু নাগৰিককেন্দ্ৰিক ৰাজহুৱা সেৱা প্ৰদানত সহায় কৰিব। মানসম্পন্ন, স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষণ আৰু স্বয়ংক্ৰিয় পৰীক্ষণৰ জৰিয়তে কেন্দ্ৰটোৱে পথ সুৰক্ষা উন্নত কৰিব আৰু চালকৰ উন্নত প্ৰশিক্ষণে দুৰ্ঘটনা হ্ৰাস কৰিব। গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া খৰতকীয়া, নিকা আৰু স্বচ্ছ কৰাৰ লগতে এই কেন্দ্ৰই মানৱীয় হ্স্তক্ষেপ আৰু দুৰ্নীতিও হ্ৰাস কৰিব।
কেন্দ্ৰটোৱে প্ৰশিক্ষণ আৰু পৰীক্ষণৰ ক্ষেত্ৰখনত দক্ষতাসম্পন্ন যুৱ প্ৰজন্মৰ বাবে নিয়োগৰ সম্ভাৱনাও সৃষ্টি কৰিব। উল্লেখযোগ্য যে নগাওঁ জিলাৰ পিছত ৰাজ্য চৰকাৰে কামৰূূপ জিলাৰ আমিনগাওঁত আৰু বৰপেটা জিলাৰ হাউলীত এনে কেন্দ্ৰ মুকলি কৰিব। তদুপৰি ৰাজ্য চৰকাৰে বিশ্বনাথ জিলা আৰু ডিব্ৰুগড় জিলাত অনুৰূপ কেন্দ্ৰ স্থাপন কৰাৰ বাবে প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে, যোৰহাট, কামৰূপ আৰু বিশ্বনাথ জিলাত স্বয়ংক্ৰিয় গাড়ী পৰীক্ষণ কেন্দ্ৰৰ ইতিমধ্যে মুকলি কৰাৰ পিছত ডিব্ৰুগড়ত এনে এটা কেন্দ্ৰ ৰাজ্য চৰকাৰে শীঘ্ৰে মুকলি কৰিব।
নগাওঁ জিলা ভ্ৰমণৰ সময়তে আজি মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই নগাওঁৰ জনজীৱনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আন দুটা বিশেষ পদক্ষেপৰো শুভাৰম্ভণি কৰে। অসমৰ সমাজ, অৰ্থনীতি, ৰাজনীতি, সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদি সকলো ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা জিলাখনৰ নগাওঁ চহৰলৈ আদৰণি জনাই বেবেজিয়াত নিৰ্মাণ কৰা প্ৰৱেশ তোৰণৰ আজি মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰে। বিধায়কৰ আছুতীয়া পুঁজিৰে আৰু নগাওঁ জিলা প্ৰশাসনৰ সহযোগত নিৰ্মাণ কৰা এই তোৰণখনৰ উচ্চতা ৩৫ ফুট আৰু বহল ৪০ ফুট। ইউৰোপীয়ান আৰ্হিৰ লগতে স্থানীয় শিল্পীৰ হাতৰ পৰশেৰে এই প্ৰৱেশ তোৰণখন সাজি উলিওৱা হৈছে।
মুখ্যমন্ত্ৰী ড. শৰ্মাই আজি বিয়াল্লিশৰ গণ আন্দোলনত ঢেকিয়াজুলিত বৃটিছৰ গুলীত প্ৰাণ আহুতি দিয়া নগাওঁৰ সন্তান মানবৰ নাথৰ স্মৃতিত জামুগুৰিত স্থাপন কৰা শ্বহীদ গৰাকীৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে। নগাঁও ভ্ৰমণৰ সময়ত জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক ৰূপক শৰ্মা, ৰমাকান্ত দেউৰী, জিতু গোস্বামী, শশীকান্ত দাসে মুখ্যমন্ত্ৰীক সংগ দিয়ে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী