গুৱাহাটী, ২৩ আগষ্ট (হি.স.)। যশস্বী সাংবাদিক, সুলেখক হাইদৰ হুছেইনক আজি তেখেতৰ বাসগৃহত সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সম্প্ৰতি অসুস্থ হৈ থকাৰ বাবে তেখেতৰ খবৰ ল'বলৈ গুৱাহাটীৰ শান্তিপুৰস্থিত বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
বৰ্ষীয়ান সাংবদিকগৰাকীক সাক্ষাৎ কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে অসমৰ সংবাদ জগতলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা হুছেইন ডাঙৰীয়াই বিভিন্ন বিষয়ত এগৰাকী সমাজ সচেতকৰ ভূমিকা পালন কৰি আহিছে। তেখেতৰ সৈতে বাৰ্তালাপ কৰি স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বুজ লওঁ আৰু তেখেত সুস্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ আশাৰে আশু আৰোগ্য কামনা কৰোঁ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী