–সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ প্ৰস্তাৱনা অনুষ্ঠান
–অংশ গ্ৰহণ কৰিব প্ৰথিতযশা কন্ঠশিল্পী নমিতা ভট্টাচাৰ্য্য আৰু বিশিষ্ট সৰোদবাদক তৰুণ কলিতাই
–তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, শোণিতপুৰৰ জিলা আয়ুক্তৰ লগতে নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰিব সাংবাদিক-শিল্পী গৌতম শৰ্মাই
শোণিতপুৰ, ২৩ আগষ্ট (হি.স.)। শব্দ আৰু সুৰৰ এটি শতিকা শীৰ্ষক বিষয়েৰে তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান চাতকএ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বৰ্ষজোৰা ব্যতিক্ৰমী কাৰ্যসূচীৰে আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই বৰ্ষজোৰা কাৰ্য্যসূচীৰ প্ৰস্তাবনা অনুষ্ঠানটি কাইলৈ দেওবাৰে সন্ধিয়া ৬-২৫ বজাৰ পৰা অনুষ্ঠিত হ'ব তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত ।
সুধাকণ্ঠ গৰাকীৰ একাংশ নিৰ্বাচিত গীতক সংপৃক্ত কৰি সুৰীয়া -সাংগীতিক আৰু বিদ্যায়তনিক দিশৰ আলোকপাতেৰে সজাই তুলিব লগা কাইলৈৰ এই প্ৰস্তাবনা অনুষ্ঠানটি মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক শম্ভূনাথ সিঙে ।শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে সন্মানীয় অতিথি ৰূপে অংশ গ্ৰহণ কৰিব লগা অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰিব আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক তথা গীতিকাৰ -সুৰকাৰ -কন্ঠশিল্পী গৌতম শৰ্মাই ।
আনহাতে একাংশ তেজপুৰৰ শিল্পীৰ বিপৰীতে অনুষ্ঠানটিত নিমন্ত্ৰিত শিল্পী হিচাপে অংশ গ্ৰহণ কৰি সুৰ আৰু সংগীতৰে সুধাকণ্ঠ তথা ভাৰত ৰত্ন গৰাকীক বিশেষ স্মৰণ কৰিব প্ৰথিতযশা কন্ঠশিল্পী নমিতা ভট্টাচাৰ্য্য আৰু বিশিষ্ট সৰোদবাদক তৰুণ কলিতাই । এই অনুষ্ঠানত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে চাতক পৰিয়ালে ।
ReplyForward
You can't react with an emoji to a group
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ