শোণিতপুৰ ২৩ আগষ্ট (হি.স.)। মাৰাত্মক ড্ৰাগছৰ কবলত পৰি ৰাজ্যৰ লগতে শোণিতপুৰতো এইচ আই ভিত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷ মাত্ৰ চাৰিটা মাহৰ ভিতৰতে তেজপুৰৰ চাৰিটা পৰীক্ষা কেন্দ্ৰত মুঠ ২২৬জন এইচ আই ভিত আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে ৷ অৱশ্যে ইয়াৰে ভিতৰত এটা কেন্দ্ৰত এইচ আই ভিত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱা সকলৰ ভিতৰত ৫০জন নগাঁও জিলাৰ ৷
শোণিতপুৰৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়, তেজপুৰ পৰোৱাৰ শিশু আৰু মাতৃৰ চিকিৎসালয়, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক চিকিৎসা প্ৰতিষ্ঠান আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এইচ আই ভি চিনাক্তকৰণ তথা প্ৰতিৰোধ কেন্দ্ৰ আছে ৷ প্ৰকাশিত বিভাগীয় তথ্য অনুসৰিয়েই চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত তেজপুৰৰ চাৰিটা আই চি টি চি কেন্দ্ৰৰ যোগেদি ১০হেজাৰ সাতশ লোকৰ মাজত পৰীক্ষা-নিৰীক্ষা কৰা হৈছিল আৰু ইয়াৰে ভিতৰত ২২৬ জনৰ শৰীৰত এইচ আই ভিৰ উপস্থিতি ধৰা পৰে ৷ আনহাতে ইয়াৰে ভিতৰত পাঁচ গৰাকী গৰ্ভৱতী মহিলা ৷
মন কৰিবলগীয়া যে এইচ আই ভিত আক্ৰান্ত সকলৰ ভিতৰত গৰিষ্ঠ সংখ্যাকেই ১৮ - ২৭ বছৰৰ ৷ এই ক্ষেত্ৰত বিভাগীয় তথ্য অনুসৰি, শাৰীৰিক সম্পৰ্কৰ সলনি অধিকাংশ এইচ আই ভিত আক্ৰান্ত হৈছে ড্ৰাগছৰ বাবে ৷ ইয়াৰে ভালেসংখ্যকে অৰুণাচল প্ৰদেশ, নগালেণ্ড, মণিপুৰ আদিলৈ যোৱাৰ সময়ত একেটা চিৰিঞ্জৰে কেবাজনেও মিলি ড্ৰাগছ লোৱাৰ ফলতে এইচআইভিত আক্ৰান্ত হোৱা বুলিও সুত্ৰটোৱে কয় ৷ ইপিনে ক্ৰমান্বয়ে ড্ৰাগছে চানি ধৰা নগাঁৱৰ পৰা তেজপুৰ তথা শোণিতপুৰলৈ ড্ৰাগছৰ সৰবৰাহ সঘনাই হৈ আহিছে আৰু ইয়াৰ বাবেই এতিয়া ভয়ংকৰ ৰূপলৈছে এইচ আই ভিয়ে ৷
আনহাতে, ঢেকিয়াজুলিত এটা কেন্দ্ৰীয় পৰ্যায়ত স্ক্ৰীণিং টেষ্ট কেন্দ্ৰ স্থাপন কৰি প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষা আদি কৰাৰ বাবেও স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে ৷
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ