ফকিৰাগ্ৰামৰ উত্তৰ ৰাভাপাৰা আৰু পচাগড় (২) ত চিথিলাৰ সমাজকৰ্মী প্ৰতিষ্ঠিত সুকুমাৰ দেবনাথৰ সভা
কোকৰাঝাৰ,০৯ জুলাই (হি.স.)। ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উত্তৰ ৰাভাপাৰা আৰু পচাগড় (২ )ত চিথিলাৰ সমাজকৰ্মী প্ৰতিষ্ঠিত ব্যৱসায়ী সুকুমাৰ দেবনাথে দুখন সভাত ভাগ লয়। গাঁওবাসীৰ আমন্ত্ৰণ মৰ্মে অনুষ্ঠিত
ফকিৰাগ্ৰামৰ উত্তৰ ৰাভাপাৰা আৰু পচাগড় (২) ত চিথিলাৰ সমাজকৰ্মী প্ৰতিষ্ঠিত সুকুমাৰ দেবনাথৰ সভা


কোকৰাঝাৰ,০৯ জুলাই (হি.স.)। ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উত্তৰ ৰাভাপাৰা আৰু পচাগড় (২ )ত চিথিলাৰ সমাজকৰ্মী প্ৰতিষ্ঠিত ব্যৱসায়ী সুকুমাৰ দেবনাথে দুখন সভাত ভাগ লয়। গাঁওবাসীৰ আমন্ত্ৰণ মৰ্মে অনুষ্ঠিত কৰা উক্ত সভাত সুকুমাৰ দেবনাথে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথাটো ৰাইজৰ আগত কয়। বৰ্তমানৰ সমষ্টিৰ প্ৰতিনিধি জনে ৰাইজৰ সমস্যা সমাধান কৰিব পৰা নাই। আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে তেওঁক প্ৰাৰ্থীত্ব দিব বুলি আশা প্ৰকাশ কৰে। সভাত ৰাইজৰ যথেষ্ট সহাৰি লাভ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande