বিলাসীপাৰাত উচ্ছেদ চলি থাকোতে ফেচবুকত পোষ্ট কৰি বিপদত যুৱক
ধুবুৰী,০৯ জুলাই (হি.স.)। ধুবুৰীৰ বিলাসীপাৰাত সৰ্ব বৃহৎ উচ্ছেদ চলি থকাৰ সময়তে এটা ফেচবুক পোষ্টত মন্তব্য কৰি বিপদত পৰিছে এগৰাকী যুৱকে। মীনাক্ষী বেগম নামৰ মহিলা গৰাকীৰ ফেছবুক পোষ্টত মন্তব্য কৰি বিপদত পৰিছে যুৱক জনে।
বিলাসীপাৰাত উচ্ছেদ চলি থাকোতে ফেচবুকত পোষ্ট কৰি বিপদত যুৱক


ধুবুৰী,০৯ জুলাই (হি.স.)। ধুবুৰীৰ বিলাসীপাৰাত সৰ্ব বৃহৎ উচ্ছেদ চলি থকাৰ সময়তে এটা ফেচবুক পোষ্টত মন্তব্য কৰি বিপদত পৰিছে এগৰাকী যুৱকে। মীনাক্ষী বেগম নামৰ মহিলা গৰাকীৰ ফেছবুক পোষ্টত মন্তব্য কৰি বিপদত পৰিছে যুৱক জনে। মন্তব্য কৰাৰ কিছু সময়ৰ পিছতেই মীনাক্ষী বেগমৰ স্বামী আতিফুৰ ৰহমান (ৰাহুল) নামৰ ব্যক্তি গৰাকীয়ে গৌৰীপুৰৰ যুৱক ছাইফুৰ ৰহমান (ৰীকিক ) ফোন যোগে অশ্লীল ভাষাত গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে। উপায়ন্তৰ হৈ ছাইফুৰ ৰহমানে গৌৰীপুৰ আৰক্ষী থানাত আতিফুৰ ৰহমান (ৰাহুল) আৰু মীনাক্ষীবেগমৰ ৰ নামত এখন এজাহাৰ দাখিল কৰে। আতিফুৰ ৰহমান এগৰাকী ৰাজনৈতিক নেতা আৰু ঘৰ সাপটগ্ৰাম আৰক্ষী থানাৰ ৰঙাপানী প্ৰথম খণ্ডত বুলি জনাই দিয়ে।ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande