অক্টোবৰ মাহত মেক্সিকো আৰু কলম্বিয়াৰ মাজত প্ৰীতি মেচ
মেক্সিকো চহৰ, ০৯ জুলাই (হি.স.)। অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত মুখামুখি হ’ব মেক্সিকো আৰু কলম্বিয়াৰ ৰাষ্ট্ৰীয় ফুটবল দল। মঙলবাৰে এই কথা নিশ্চিত কৰিছে মেক্সিকান ফুটবল ফেডাৰেচনে। অহা ১১ অক্টোবৰত আমেৰিকাৰ টেক্সাছৰ আৰ্লিংটনস্থিত এ টি এণ্ড টি ষ
मैक्सिको की राष्ट्रीय टीम


মেক্সিকো চহৰ, ০৯ জুলাই (হি.স.)। অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত মুখামুখি হ’ব মেক্সিকো আৰু কলম্বিয়াৰ ৰাষ্ট্ৰীয় ফুটবল দল। মঙলবাৰে এই কথা নিশ্চিত কৰিছে মেক্সিকান ফুটবল ফেডাৰেচনে।

অহা ১১ অক্টোবৰত আমেৰিকাৰ টেক্সাছৰ আৰ্লিংটনস্থিত এ টি এণ্ড টি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই খেলখন। এই তাৰিখটো ফিফাৰ অফিচিয়েল আন্তঃৰাষ্ট্ৰীয় উইণ্ড’ৰ অন্তৰ্গত। এই মেচখন মেক্সিকো, আমেৰিকা আৰু কানাডাই যৌথভাৱে আয়োজন কৰা ২০২৬ চনৰ ফিফা বিশ্বকাপৰ প্ৰস্তুতিৰ অংশ হ’ব। ফিফাৰ নিয়ম অনুসৰি এই তিনিখন দেশৰ দলে পোনপটীয়াকৈ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

কলম্বিয়াৰ বাবে এইটো হ’ব এক উচ্চ পৰ্যায়ৰ পৰীক্ষা, কিয়নো এতিয়াও বিশ্বকাপৰ অৰ্হতাৰ দৌৰত আছে। বৰ্তমান দক্ষিণ আমেৰিকাৰ ১০টা দলৰ তালিকাত ষষ্ঠ স্থানত আছে আৰু দুখন মেচ বাকী আছে। শীৰ্ষ ছয়টা দলে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে সপ্তম স্থানৰ দলটোৱে আন্তঃমহাদেশীয় প্লে অফ খেলিব লাগিব।

মন কৰিবলগীয়া যে শেহতীয়াকৈ মেক্সিকোৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে কনকাকাফ গোল্ড কাপৰ খিতাপ দখল কৰিছে। ফাইনেলত আমেৰিকাক পৰাস্ত কৰি এই জয় লাভ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande