বোকাখাতৰ বিহৰা মিকিৰ চাং চাহ বাগিচাত হাতী পোৱালীৰ মৃত্যু
গোলাঘাট, ০৯ জুলাই (হি.স.)lবোকাখাতৰ বিহৰা মিকিৰ চাং চাহ বাগিচাত অঘটন। বাগিচাৰ মাজত দ'' নলাত পৰি এটা হাতী পোৱালীৰ কৰুণ মৃত্যু। যোৱা নিশা কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত
বোকাখাতৰ বিহৰা মিকিৰ চাং চাহ বাগিচাত হাতী পোৱালীৰ মৃত্যু


গোলাঘাট, ০৯ জুলাই (হি.স.)lবোকাখাতৰ বিহৰা মিকিৰ চাং চাহ বাগিচাত অঘটন। বাগিচাৰ মাজত দ' নলাত পৰি এটা হাতী পোৱালীৰ কৰুণ মৃত্যু। যোৱা নিশা কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকৰ লগত অহা হাতী পোৱালীটো প্ৰায় ১০ ফুট দ' নলাত পৰি যোৱাত হাতীৰ জাকটোৱে উঠাবলৈ চেষ্টা কৰোঁতে পোৱালীটো মাটিত পোত যায়। পুৱা হাতীৰ চিঞৰ শুনি স্থানীয় লোকে বন-বিভাগক খৱৰ দিয়ে। পৰৱৰ্তি সময়ত হাতী জাকটো আঁতৰি যোৱা পিছত বন-বিভাগৰ লোক আৰু স্থানীয় লোকে মাটি খান্দি মৃত হাতী পোৱালীটো বাহিৰলৈ উলিয়াই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande