ধুবুৰী, ০৮ জুলাই (হি.স.): ধুবুৰী জিলাৰ তামাৰহাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় তিনি জন লোক ।যোৱাকালি সোমবাৰে সন্ধিয়া তামাৰহাটৰ হাতীধুৰাৰ ১২৭ (বি) ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনা।
গ্ৰাহামপুৰৰ পৰা তামাৰহাট অভিমুখী তীব্ৰ বেগী এএছ ১৬ এম ৩৮৮৯ নম্বৰৰ মটৰ চাইকেল এখনে খোজকাঢ়ি গৈ থকা হালিম আনছাৰী নামৰ লোকজনক খুন্দা মাৰে। মটৰ চাইকেলৰ খুন্দাত বাইক আৰোহী সহ তিনিজন যুৱক গুৰুতৰভাৱে আহত হয়। আহত বাইক আৰোহীদ্বয়ৰ নাম চেমচাং মুৰ্মু আৰু নোছ মাইল মুৰ্মু আৰু পথচাৰী জনৰ নাম হালিম আনছাৰী বুলি জানিব পৰা গৈছে । তিনিওকে ততাতৈয়াকৈ তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ