চাপৰৰ মোছকাগুৰি গাঁৱত দ খাৱৈত বাগৰি পৰিল ইটাভৰ্তি ট্ৰাক, চাৰিজন সন্ধানহীন
চাপৰৰ মোছকাগুৰি গাঁৱত পথ দুৰ্ঘটনা।
চাপৰৰ মোছকাগুৰি গাঁৱত দ খাৱৈত বাগৰি পৰিল ইটাভৰ্তি ট্ৰাক, চাৰিজন সন্ধানহীন


ধুবুৰী, ০৮ জুলাই (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ মোছকাগুৰি গাঁৱত সোমবাৰৰ নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল ইটাভৰ্তি ট্ৰাক। নিউ সৰল ইটাভাটাৰ পৰা ইটা বোজাই কৰি আহি থকা অৱস্থাত সংঘটিত হয় এই অঘটন।

জানিব পৰামতে, ট্ৰাকখনত চালকসহ ছয়জনকৈ লোক আছিল। ইয়াৰে দুজন লোকৰ কথমপি প্ৰাণৰক্ষা পৰে যদিও এতিয়াও নিৰুদ্দেশ হৈ আছে চৰিজনকৈ লোক। সম্পূৰ্ণ ৰূপে পানীত ডুব যায় ট্ৰাকখন। স্থানীয় ৰাইজৰ আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। পানীৰ তলত ট্ৰাকখনত আৱদ্ধ হৈ থকা চালকজনৰ নাম ৰিজু অভয়াপুৰী বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি বিশা বৰ্মন, লবেন বৰ্মন, বিকাশ বৰ্মন নামৰ লোককেইজন ট্ৰাকৰ ভিতৰত আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। এই লোক কেইজনৰ ঘৰ হাতীপোতা প্ৰথম খণ্ডত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত সৌভাগ্য ক্ৰমে প্ৰাণৰক্ষা পৰে সমিৰ বৰ্মন আৰু মমেন বৰ্মন নামৰ দুজন লোকৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande