-গ্ৰামাঞ্চলৰ জনসাধাৰণৰ প্ৰতি সংবেদনশীল হৈ দায়বদ্ধ আৰু উৎসৰ্গিত সেৱা আগবঢ়াবলৈ মন্ত্ৰী দাসৰ আহ্বান
গুৱাহাটী, ০৮ জুলাই (হি.স.)। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি গুৱাহাটীৰ খানাপাৰাস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ মাধৱদেৱ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত পঞ্চায়তীৰাজ প্ৰতিস্থানৰ গাঁও পঞ্চায়তসমূহৰ নৱ নিৰ্বাচিত সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি পঞ্চায়তীৰাজ নৱ নিৰ্বাচিত বিষয়ববীয়া সকলক গ্ৰামাঞ্চলৰ জনসাধাৰণৰ প্ৰতি সংবেদনশীল হৈ দায়বদ্ধ তথা উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়।
আজিৰ এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ নৱনিৰ্বাচিত বিষয়ববীয়াসকলৰ কাৰ্য পৰিচালনাৰ সহায়ক হোৱাকৈ প্ৰকাশ কৰি উলিওৱা হাত পুথি এখনো আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। উল্লেখ্য যে নৱ নিৰ্বাচিত পঞ্চায়তৰ সৰ্বমুঠ ২১৯২ গৰাকী গাওঁ পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ ৩৬৪ গৰাকী সভাপতি/ উপ-সভাপতি আৰু জিলা পৰিষদৰ ৩৯৭ গৰাকী সদস্যক পৰ্যায়ক্ৰমে এই প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
খানাপাৰাস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ লগতে কাঁহিকুছিত থকা ৰাজ্যিক প্ৰতিষ্ঠানখনৰ চৌহদতো এই প্ৰশিক্ষণ কাৰ্যসূচী পৰ্যায়ক্ৰমে চলাই থকা হ’ব। তদুপৰি আঞ্চলিক পঞ্চায়তৰ ১৮২৮ আৰু গাওঁ পঞ্চায়তৰ ১৯৭২৮ গৰাকী সদস্যকো বিভিন্ন জিলাত থকা সম্প্ৰসাৰিত প্ৰশিক্ষণ কেন্দ্ৰ আৰু জিলা পঞ্চায়ত সমল কেন্দ্ৰ সমূহত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব যাতে নৱ নিৰ্বাচিত এই প্ৰতিনিধি সকলে পঞ্চায়তৰ বিভিন্ন আঁচনি তথা পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিভিন্ন কাম-কাজ পৰিচালনাৰ বিষয়ে ব্যৱহাৰিক তথা সম্যক জ্ঞান আহৰণ কৰিব পাৰে। আজি শোণিতপুৰ জিলাৰ সৰ্বমুঠ ৭৫ গৰাকী গাওঁ পঞ্চায়তৰ সভাপতি সকলৰ ৫দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে সকলো বিষয়ববীয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী চলাই আগন্তুক ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত এই বিস্তৃত প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰিব।
এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে নৱ গঠিত পঞ্চায়তৰ সকলো প্ৰতিনিধিক শুভেচ্ছা জনাই বিভিন্ন সমল ব্যক্তিৰ দ্বৰা প্ৰদান কৰিবলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীৰ উপৰি আজি উন্মোচন কৰা পঞ্চায়ত পৰিচালনাৰ হাত পুথিখন ভালদৰে অধ্যয়ন কৰি অভিজ্ঞতা আহৰণ কৰাৰ বাবে আহ্বান জনায়।
তেওঁ লগতে সাম্প্ৰতিক সময়ত ডিজিটেল পদ্ধতিৰে বিভিন্ন আঁচনি ৰূপায়ণৰ পৰিপ্ৰেক্ষিতত পঞ্চায়তৰ প্ৰতিনিধি সকলক ডিজিটেল পদ্ধতিৰ অভিজ্ঞতাৰে পুষ্ট হোৱাৰ বাবেও আহ্বান জনায়। পঞ্চায়ত প্ৰতিষ্ঠানৰ পৰা গ্ৰামাঞ্চলৰ জনসাধাৰণে বহু আশা কৰে বুলি কৈ মন্ত্ৰী দাসে পঞ্চায়তত যাতে সু-শাসন ব্যৱস্থা প্ৰকৃতাৰ্থত ৰূপায়িত হয় তাৰ বাবে ব্যক্তি স্বাৰ্থৰ উৰ্ধত গৈ কাম কৰি জনসাধাৰণৰ সুখ আৰু দুখৰ সমভাগি হোৱাৰ বাবেও তেওঁ প্ৰতিনিধি সকলক আহ্বান জনায়। ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ পঞ্চায়ত বিভাগে বিভিন্ন ক্ষেত্ৰত বিগত ৪ বছৰত লাভ কৰা সফলতাৰ বাখ্যা কৰাৰ উপৰি দুখীয়া জনসাধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰি অহা বিভিন্ন জনকল্যাণকামী আঁচনি সমূহৰ বিষয়েও ব্যক্ত কৰে।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিশেষ সচিব তথা গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক মুনীন্দ্ৰ শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত আয়ুক্ত জয়ন্ত গোস্বামী প্ৰমুখ্যে বিভাগৰ জ্যেষ্ঠ বিষয়া সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী