ধুবুৰী, ০৮ জুলাই (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ খাগৰাবাৰীত যোৱা কালি সোমবাৰে সন্ধিয়া ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে এখন ৰখাই থোৱা ট্ৰাক আৰু কেইবাটাও বাসগৃহ। আকস্মিক ভাৱে সংঘটিত হোৱা অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত দুটাকৈ খেৰ দম আৰু কথমপি ৰক্ষা পৰে এখন ট্ৰাক আৰু কেইবাটাও বাসগৃহ।
অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। স্থানীয় ৰাইজৰ সহযোগ আৰু দুখনকৈ অংগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ঘটনা স্থলীত দাওভাঙি আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ