গোৰেশ্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
তামুলপুৰ,০৪ জুলাই (হি.স.)। গোৰেশ্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোৰেশ্বৰ গুৰমৌৰ বাথৌ মন্দিৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ। গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোনালী জয়ন্তীৰ মুকলি সভাত আজি অংশগ্ৰহণ। সন্ধিয়া গোৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব মুখ্যমন্ত্ৰী গ
গোৰেশ্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


তামুলপুৰ,০৪ জুলাই (হি.স.)। গোৰেশ্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গোৰেশ্বৰ গুৰমৌৰ বাথৌ মন্দিৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ। গোৰেশ্বৰ মহাবিদ্যালয়ৰ সোনালী জয়ন্তীৰ মুকলি সভাত আজি অংশগ্ৰহণ। সন্ধিয়া গোৰেশ্বৰ মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে। তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ গুৰমৌত আজি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰী গৰাকীয়ে গুৰমৌত ভৈয়াম জনজাতি উন্নয়ন পুজিৰে নৱ নিৰ্মিত বাথৌ থানচালিৰ শুভ উদ্বোধন কৰে। বড়ো জনগোষ্ঠীৰ আৰাধ্য বাথৌ থানচালি শুভ উদ্বোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে-বড়ো জাতিৰ বাথৌ ভগবানৰ পঞ্চভূতৰ প্ৰতি সন্মান জনাই এই বাথৌ ভগবানক যি পূজা কৰা হয় এই পূজাই আমাক সকলোকে অনুপ্ৰাণিত কৰে।

অসমবাসীৰ কল্যাণৰ বাবে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে বাথৌ ভগবানক প্ৰাৰ্থনা জনাই ইপিনে চাপৰত চলোৱা উচ্ছেদ অভিযান সম্পৰ্কত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে- অখিল গগৈয়ে যি কয় সেইটো তেওঁ জানিব, মই মোৰ পথত থাকিম আৰু তেওঁ তেওঁৰ পথত থাকক।

আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপিত সকলো পুৰনা, নতুন কোনো নহয়। আজি নতুনকৈ ১৮ বা ২৫ বছৰীয়া যুৱক এজন আহিলে কি বিজেপি দলত নলম নেকি। নললে কংগ্ৰেছ দলত সোমাব। বিজেপিক নিৰ্বাচনত হৰোৱা বুদ্ধি দিব নালাগে জিকা বুদ্ধি দিব। মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বিটিআৰৰ গোৰেশ্বৰৰ পাৰিষদ পৱিত্ৰ কুমাৰ বড়ো, বিজেপিৰ যুৱ নেতা চক্ৰধৰ বড়ো আদি‌য়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande