গুৱাহাটী, ০৮ জুলাই (হি.স.)। শ্ৰাৱণী মেলাৰ সময়ত অতিৰিক্ত যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই তিনিখন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে। এই ৰে’লসমূহ ডিব্ৰুগড় – দেওঘৰ, কাটিহাৰ – দেওঘৰ আৰু কাটিহাৰ – মণিহাৰীৰ মাজত চলাচল কৰিব।
বিশেষ ৰে’ল নং. ০৫৯২৬ (ডিব্ৰুগড় – দেওঘৰ) বিশেষ প্ৰতি বৃহস্পতিবাৰ, শুকুৰবাৰ, শনিবাৰ, সোমবাৰ আৰু মঙলবাৰে ১০ জুলাইৰ পৰা ০৯ আগষ্ট, ২০২৫ লৈ ০৯:৪০ বজাত ডিব্ৰুগড়ৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা ২০:২৫ বজাত দেওঘৰত উপস্থিত হ’ব। একেদৰে ৰে’ল নং ০৫৯২৫ (দেওঘৰ – ডিব্রুগড়) বিশেষ প্রতি শুকুৰবাৰ, শনিবাৰ, দেওবাৰ, মঙলবাৰ আৰু বুধবাৰে ১১ জুলাইৰ পৰা ১০ আগষ্ট, ২০২৫লৈ ২১:৫৫ বজাত দেওঘৰৰ পৰা ৰাওনা হ’ব আৰু যাত্ৰাৰ তৃতীয় দিনা ০৮:৩০ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব। দুয়োখন ৰে’ল ২৩ টা ট্ৰিপৰ বাবে চলিব।
বিশেষ ৰে’ল নং ০৫৭১৬ (কাটিহাৰ-দেওঘৰ) ১০ জুলাইৰ পৰা ০৭ আগষ্ট, ২০২৫লৈ প্ৰতি বৃহস্পতিবাৰে কাটিহাৰৰ পৰা ১৪:২০ বজাত ৰাওনা হ’ব আৰু পিছদিনা ০৪:১৫ বজাত দেওঘৰত উপস্থিত হ’ব। একেদৰে, ৰে’ল নং ০৫৭১৫ (দেওঘৰ-কাটিহাৰ) বিশেষ ১১ জুলাইৰ পৰা ০৮ আগষ্ট, ২০২৫ লৈ প্ৰতি শুকুৰবাৰে দেওঘৰৰ পৰা ০৫:৪৫ বজাত ৰাওনা হ’ব আৰু একেদিনা ২১:২০ বজাত কটিহাৰত উপস্থিত হ’ব। দুয়োখন ৰে’ল ০৫ টা ট্ৰিপৰ বাবে চলাচল কৰিব।
বিশেষ ৰে’ল নং ০৭৫৪০ (কাটিহাৰ – মণিহাৰী) ০১ জুলাইৰ পৰা ৩১ জুলাই, ২০২৫লৈ প্ৰতিদিন কাটিহাৰৰ পৰা ২০:৩০ বজাত ৰাওনা হৈ একেদিনা ২১:৩০ বজাত মণিহাৰীত উপস্থিত হ’ব। একেদৰে, ৰে’ল নং ০৭৫৩৯ (মণিহাৰী – কাটিহাৰ) বিশেষ ০২ জুলাইৰ পৰা ০১ আগষ্ট, ২০২৫লৈ প্ৰতিদিন মণিহাৰীৰ পৰা ০৫:০০ বজাত ৰাওনা হৈ একেদিনা ০৬:০০ বজাত কাটিহাৰত উপস্থিত হ’ব। দুয়োখন ৰে’ল ৩১ টা ট্ৰিপৰ বাবে চলাচল কৰিব। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই আজি এক প্ৰেছ বিবৃতিযোগে এই তথ্য সদৰী কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী