কলকাতা, ০৫ জুলাই (হি.স.)। কাৰিকৰী বিজুতিৰ বাবে কলকাতা বিমানবন্দৰত থাই লায়ন এয়াৰৰ বেংককলৈ যোৱা বয়িং ৭৩৭-৮০০ বিমান বাতিল কৰা হয়। ইয়াৰ বাবে বিমানখনত থকা প্ৰায় ১৩০ জন যাত্ৰীক এখন হোটেলত ৰখা হৈছে।
এই বিমানখনে বেংককৰ ডন মুয়াং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ১৫১ জন যাত্ৰী লৈ শুকুৰবাৰে গভীৰ নিশা কলকাতা পাইছিল। সময়সূচী অনুসৰি কলকাতাৰ পৰা বেংককলৈ যোৱা যাত্ৰীসকলে বিমানত উঠি পুৱা ২:৩৫ বজাত বিমানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰে। কিন্তু তাৰ পিছত বিমানখনৰ এয়াৰ কণ্ডিচনাৰ ব্যৱস্থাত এটা সমস্যাৰ সন্ধান পোৱা গ’ল। গৰম আৰু আৰ্দ্ৰ পৰিৱেশত পাইলটে কাৰিকৰী ত্ৰুটিৰ বিষয়ে অৱগত কৰি বিমানখন পাৰ্কিং বে’লৈ ঘূৰাই অনাৰ অনুমতি বিচাৰিলে।
শনিবাৰে বিয়লি বিমানবন্দৰৰ মুখপাত্ৰই জনোৱা মতে, ২:৪৩ বজাত বিমানখন পাৰ্কিঙলৈ ঘূৰাই অনা হয় আৰু যাত্ৰীসকলক উলিয়াই অনা হয়। পিছত যেতিয়া স্পষ্ট হৈ পৰিল যে বিমানখন মেৰামতি কৰিবলৈ থাইলেণ্ডৰ পৰা অভিযন্তাক মাতিব লাগিব, তেতিয়া যাত্ৰীসকলক স্থানীয় হোটেল এখনত থোৱা হয়।
বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, শনিবাৰে বিয়লি থাইলেণ্ডৰ অভিযন্তাসকলে কলকাতাত উপস্থিত হৈ বিমানখন মেৰামতিৰ কাম আৰম্ভ কৰে। প্ৰাথমিক পৰিকল্পনা অনুসৰি দেওবাৰে পুৱতি নিশা ২:৩০ বজাত বিমানখন উৰণৰ কথা আছিল যদিও বিমান সংস্থাৰ সূত্ৰই জনোৱা মতে, এতিয়া দেওবাৰে পুৱা ৯ বজাৰ ভিতৰত বিমানখন উৰণৰ সম্ভাৱনা আছে।
মন কৰিবলগীয়া যে এই বিমানখন প্ৰায় ১০ বছৰ পুৰণি আৰু প্ৰথমবাৰৰ বাবে ২০১৫ চনৰ ২২ ডিচেম্বৰত উৰণ কৰিছিল। এই ঘটনাৰ বাবে যাত্ৰীসকলে বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল আৰু পুনৰবাৰ বয়িং বিমানৰ কাৰিকৰী নিৰ্ভৰযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া