আমিৰ খানৰ ছবি ‘সীতাৰে জমীন পৰ’ মুক্তি পোৱা ১৫ দিন হ’ল। ২০ জুনত চিনেমাগৃহত মুক্তি পোৱা এই ছবিখনে প্ৰথম দিনাৰ পৰাই দৰ্শকৰ মন জয় কৰি বক্স অফিচত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। কাজোলৰ ছবি ‘মা’ ছবিগৃহত আঘাত হানিলেও ‘সীতাৰে জমীন পৰ’ ছবিখনে নিজৰ দখল বজাই ৰাখিছে।
বক্স অফিচ ট্ৰেকাৰ ছাকনিলকৰ প্ৰতিবেদন অনুসৰি আমিৰ খানৰ ছবি ‘সীতাৰে জমীন পৰ’ মুক্তিৰ ১৫ তাৰিখে অৰ্থাৎ দ্বিতীয় শুকুৰবাৰে ২.৫০ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ লগে লগে ভাৰতত এই ছবিখনৰ মুঠ বক্স অফিচ সংগ্ৰহ ১৩৭.৯০ কোটি টকা হৈছেগৈ। ৯০ কোটি টকাৰ বাজেটত নিৰ্মিত এই ক্ৰীড়া নাটক ছবিখনে বিদেশতো উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। বিশ্বজুৰি ইয়াৰ মুঠ উপাৰ্জন এই পৰ্যন্ত ২১৪.৫ কোটি টকা, যাৰ পৰা স্পষ্ট হৈ পৰিছে যে ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে।
'সীতাৰ জমিন পৰ'ত আমিৰ খান আৰু জেনেলিয়া ডিছৌজা প্ৰথমবাৰৰ বাবে ৰূপালী পৰ্দাত দেখা দিছে। ছবিখনত জেনেলিয়াই আমিৰৰ পত্নী সুনীতাৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে আমিৰক দেখা গৈছে এজন কুখ্যাত বাস্কেটবল প্ৰশিক্ষক গুলচনৰ চৰিত্ৰত। ডাউন চিণ্ড্ৰমৰ আধাৰত নিৰ্মিত এই ছবিখনৰ কাহিনী আৰ এছ প্ৰসন্নৰ দ্বাৰা পৰিচালিত। আমিৰ খানে তেওঁৰ প্ৰাক্তন পত্নী কিৰণ ৰাওৰ সৈতে এই প্ৰজেক্টটো প্ৰযোজনা কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া