নতুন দিল্লী, ০৫ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টি (এলজেপি)ৰ প্ৰতিষ্ঠাপক ৰামবিলাস পাছোৱানৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে চচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পাছোৱানৰ সৈতে নিজৰ এখন পুৰণি ফটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক স্মৰণ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে পোষ্টটোত লিখিছে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱান জীলৈ তেওঁৰ জন্ম বাৰ্ষিকীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি। তেওঁৰ সমগ্ৰ জীৱন সামাজিক ন্যায়ৰ বাবে উৎসৰ্গিত আছিল। দলিত, পিছপৰা আৰু বঞ্চিতসকলৰ অধিকাৰৰ বাবে তেওঁৰ সংগ্ৰাম কেতিয়াও পাহৰিব নোৱাৰি।
দশক দশক ধৰি দলিত আৰু সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ স্বাৰ্থত কণ্ঠ দৃঢ় কৰা ভাৰতীয় ৰাজনীতিৰ সেই নেতাসকলৰ ভিতৰত ৰামবিলাস পাছোৱানক গণ্য কৰা হয়। বিভিন্ন প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি তেওঁ স্পষ্ট মতামত আৰু সামাজিক ন্যায়ৰ সপক্ষে দৃঢ় স্থিতিৰ বাবে বিখ্যাত আছিল।
প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰা ছবি আৰু বাৰ্তা বহু সংখ্যক লোকে শ্বেয়াৰ কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনায়। বহু নেতা, কৰ্মী আৰু সাধাৰণ নাগৰিকেও ছ’চিয়েল মিডিয়াত পাছৱানক স্মৰণ কৰি তেওঁৰ অৱদানৰ প্ৰশংসা কৰে।
উল্লেখযোগ্য যে ৰামবিলাস পাছোৱানৰ জন্ম হৈছিল ১৯৪৬ চনৰ ০৫ জুলাই তাৰিখে বিহাৰৰ খগড়িয়া জিলাত। দীৰ্ঘদিনীয়া ৰাজনৈতিক জীৱনত বহু গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰি সমতা, অধিকাৰ আৰু ন্যায়ৰ পোষকতা কৰিছিল। তেওঁ আঠবাৰ সংসদলৈ নিৰ্বাচিত হৈ দলিত সমাজৰ বাবে এক শক্তিশালী ৰাজনৈতিক কণ্ঠস্বৰ হৈ পৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া