প্ৰধানমন্ত্ৰী মোডীৰ আৰ্জেণ্টিনা ভ্ৰমণঃ ৫৭ বছৰৰ ভিতৰত প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ, সাংস্কৃতিক সম্পৰ্কত বিশেষ গুৰুত্ব
নতুন দিল্লী, ০৫ জুলাই (হি.স.)। আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আয়াৰ্ছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উষ্ম আদৰণি জনোৱা হয়। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৫৭ বছৰৰ ভিতৰত এইটোৱেই প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ, যিটো দুয়োখন দেশৰ সম্পৰ্কৰ নতুন যুগৰ আৰম্ভণি বুলি
প্ৰধানমন্ত্ৰী মোডীৰ আৰ্জেণ্টিনা ভ্ৰমণ


নতুন দিল্লী, ০৫ জুলাই (হি.স.)। আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েনছ আয়াৰ্ছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উষ্ম আদৰণি জনোৱা হয়। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ৫৭ বছৰৰ ভিতৰত এইটোৱেই প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ, যিটো দুয়োখন দেশৰ সম্পৰ্কৰ নতুন যুগৰ আৰম্ভণি বুলি বিবেচিত হৈছে।

এই ভ্ৰমণৰ তথ্য দি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, আৰ্জেন্টিনাৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে বুয়েনছ আয়াৰ্ছত উপস্থিত হৈছো। ৰাষ্ট্ৰপতি জেভিয়াৰ মিলীক সাক্ষাৎ কৰি বিশদ আলোচনাৰ বাবে আগ্ৰহী। সাংস্কৃতিক সম্পৰ্কত দূৰত্ব কেতিয়াও বাধা নহয়!

বিমানবন্দৰত তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। তেওঁৰ হোটেলত উপস্থিত হোৱাৰ লগে লগে আৰ্জেণ্টিনাত বসতি স্থাপন কৰা ভাৰতীয় সম্প্ৰদায়ে প্ৰধানমন্ত্ৰীক তীব্ৰভাৱে সম্ভাষণ জনায়। এই সন্দৰ্ভত তেওঁ কয় যে হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈত ভাৰতীয় সম্প্ৰদায়ৰ জৰিয়তে ভাৰতৰ আত্মা অনুভৱ কৰাটো অতি আৱেগিক অভিজ্ঞতা।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই ইয়াক দুয়োখন দেশৰ মাজত “স্থায়ী বন্ধুত্ব উদযাপন”ৰ এক অনুষ্ঠান বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত বাণিজ্য, বিনিয়োগ, শক্তি সহযোগিতা, সংস্কৃতি, বিজ্ঞান আৰু প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে উচ্চ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজৰ সম্পৰ্ক ঐতিহাসিক আৰু বহুমুখী আছিল যদিও এই ভ্ৰমণে দ্বিপাক্ষিক আলোচনাক এক নতুন গতি প্ৰদান কৰিব বুলি ধাৰণা কৰা হৈছে। দুয়োখন দেশৰ নেতাৰ মাজত প্ৰস্তাৱিত আলোচনাই কৌশলগত অংশীদাৰিত্বক এক নতুন দিশ দিব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande