স্বাস্থ্য বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
ৰাজ্যত জাপানীজ এনকেফেলাইটিজৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ গুৱাহাটী, ০৫ জুলাই (হি.স.)। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত স্বাস্
স্বাস্থ্য বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ


ৰাজ্যত জাপানীজ এনকেফেলাইটিজৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

গুৱাহাটী, ০৫ জুলাই (হি.স.)। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে৷ বিভাগৰ আয়ুক্ত-সচিব ডাঃ পি অশোক বাবু; ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডঃ লক্ষ্মণন এছ, স্বাস্থ্যসেৱাৰ সঞ্চালক ডাঃ উমেশ ফাংছ’ প্ৰমুখ্যে অন্যান্য শীৰ্ষ বিষয়াসকলে ভাগ লোৱা এই বৈঠকত মন্ত্ৰী সিংহলে মূলতঃ বিভাগৰ বিভিন্ন কাম-কাজ, আঁচনি ৰূপায়ণ, আন্তঃগাঁথনিকে ধৰি সকলো দিশৰে শেহতীয়া স্থিতিৰ সামগ্ৰিক বুজ লয়৷

আজিৰ এই বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন জিলাত সম্প্ৰতি ব্যাপক হাৰত সংক্ৰমণ ঘটা জাপানীজ এনকেফেলাইটিজ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰো পৰ্যালোচনা কৰে৷ আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ সমান্তৰালভাৱে কোনো নতুন লোকৰ দেহলৈ যাতে এই ৰোগ সংক্ৰমিত হ’ব নোৱাৰে, সেই দিশত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে৷ আক্ৰান্ত অঞ্চলসমূহত নিয়মীয়াকৈ ধোঁৱা দিয়া, আঠুৱা বিশুদ্ধিকৰণ কৰাৰ দৰে সতৰ্কতামূলক ব্যৱস্থাসমূহ ব্যাপক কৰি তুলিবলৈও তেওঁ নিৰ্দেশ দিয়ে৷ আনহাতে অহা অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ স্পৰ্শকাতৰ জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ বাবে জাপানীজ এনকেফেলাইটিৰ টীকা প্ৰদানৰ বাবে বিশিষ পদক্ষেপ গ্ৰহণ কৰিবলৈও তেওঁ বিভাগক নিৰ্দেশ দিয়ে৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰি স্বাস্থ্যমন্ত্ৰী সিংহলে আজি ৰাজ্যৰ চাহ বাগিচা এলেকাৰ বাবে হাতত ল’বলগীয়া স্বাস্থ্যৱান শ্ৰমিক যোজনা কাৰ্যসূচীৰো পযাৰ্লোচনা কৰে৷ এই কাৰ্যসূচীৰ ৰূপায়ণত চাহ বাগিচাৰ পৰিচালকসকলৰ লগতে বাগিচাৰ স্থানীয় সক্ৰিয় যুৱক-যুৱতীকো জড়িত কৰিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে৷ আজিৰ বৈঠকত স্বাস্থ্য মেলা, স্বাস্থ্য সেৱা দাপোন, টেলি-মানস সেৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ পদসমূহৰ সামঞ্জস্যকৰণ, বদলিকৰণৰ নীতি, স্নেহস্পৰ্শ আঁচিনৰ ৰূপায়ণ আদি সন্দৰ্ভতো আলোচনা কৰা হয়৷ আনহাতে আজিৰ বৈঠকত ৰাজ্যিক আয়ুৰ্বেদ নীতিতো আনুষ্ঠানিকভাৱে অনুমোদন জনোৱা হয় ৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande