কোকৰাঝাৰ, ০৫ জুলাই (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ এলেকাত আজি মহকুমা আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই নকল সোণৰ নৌকাসহ এজনক গ্ৰেপ্তাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা অনুসৰি মহকুমাৰ অসম-বংগ সীমান্ত অঞ্চলৰ শিমুলটাপু ব্লকৰ জামানউদ্দিন শেখ নামৰ নকল সোণৰ ব্যৱসায়ীজনে বিহাৰৰ গলু কুমাৰ প্ৰসাদ নামৰ ব্যক্তিজনৰ সৈতে ৬ লাখ টকাত নকল সোণৰ নৌকা বিক্ৰী কৰিবলৈ জো-যা চলাওতেই জামাল উদ্দিনক গোসাঁইগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া হিৰেন কুমাৰ ডেকাৰ নেতৃত্বত নকল সোণৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত নগদ ২ লাখ ৯০ হাজাৰ টকাৰ লগত দুটা বন্দুকৰ গুলি, মোবাইল তিনিটা আৰু ৰয়েল এনফিল্ড মটৰচাইকেল এখন জব্দ কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি মৃত লোকজনৰ পৰা প্ৰায় দুই কেজি ওজনৰ এখন সোণৰ নাও আৰক্ষীয়ে উদ্ধাৰ কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ