ইম্ফল, ০৫ জুলাই (হি.স.)। ইম্ফল পশ্চিমৰ মইৰাংখোমৰ পৰা আৰক্ষীয়ে এজন উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ উপৰিও বিভিন্ন স্থানত তালাচী অভিযানৰ সময়ত অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু চুৰি বাহন উদ্ধাৰ কৰা হৈছে।
আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে বিভিন্ন জিলাত এক সমন্বিত অভিযান চলোৱা হয়। এই সময়ছোৱাত ইম্ফল পশ্চিমৰ মইৰাংখোমৰ পৰা উগ্ৰপন্থী সংগঠন ইউনাইটেড নেচনেল লিবাৰেশ্যন ফ্ৰণ্টৰ সদস্য ৩৮ বছৰীয়া হেচনাম ৰোমিঅ’ সিঙক গ্ৰেপ্তাৰ কৰা হয়। ইম্ফল অঞ্চলৰ চৰকাৰী কার্যালয় আৰু ব্যক্তিগত প্রতিষ্ঠানৰ পৰা ধন দাবীত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে ৷ গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ পৰা ২২,৫০০ টকা নগদ ধন, এটা মোবাইল ফোন আৰু এটা মানিবেগ উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰিও ইম্ফল পশ্চিমৰ ছেকমাই থানা এলেকাৰ চানবিৰোক হিল এলেকাত অভিযান চলাই এটা বল্ট একচন ৰাইফল, ৯ মিমি কাৰ্বাইন চাবমেচিনগান (মেগাজিনসহ), ডিটনেটৰ নথকা হাই-এক্সপ্ল’ছিভ গ্ৰেনেড (৩৬ নং), তিনিটা অতিৰিক্ত মেগজিন, এটা হেলমেট, চাৰিটা ৫.৫৬ মিমি আই এন এছ এছ ৰাউণ্ড আৰু চাৰিটা আই ই ডি উদ্ধাৰ কৰা হয়।
আৰক্ষীৰ তথ্য অনুসৰি থৌবাল জিলাৰ লিলং টুৰেল আহনবি অঞ্চলৰ পৰা উদ্ধাৰ হৈছে চাৰিখন চুৰি বাহন। ইয়াৰ ভিতৰত আছে এখন বগা ৰঙৰ মহিন্দ্ৰা বলেৰো, নীলা ৰঙৰ মাৰুতি চুজুকি ফ্ৰাংকক্স, ৰূপালী ৰঙৰ মাৰুতি চুজুকি চুইফট আৰু ক’লা ৰঙৰ টাটা জেনন। ইয়াৰে তিনিখন বাহনৰ মালিক চিনাক্ত হোৱাৰ বিপৰীতে এখন গাড়ীৰ মালিকৰ কোনো সন্ধান উলিয়াব পৰা হোৱা নাই। চুৰাচান্দপুৰ জিলাৰ চকমুৱাল গাঁৱত আন এক অভিযানত আৰক্ষীয়ে এটা দেশত নিৰ্মিত একক বেৰেল ৰাইফল, এটা মেগজিন, ৫টা লাইভ বল্ট কাৰ্টিজ, দুটা ৭.৬২ মিমি গুলী আৰু ৮টা টিয়াৰ স্মোক চেল উদ্ধাৰ কৰে।
যান-বাহন নিয়ম উলংঘা কৰাৰ ক্ষেত্ৰতো কঠোৰ স্থিতি গ্ৰহণ কৰে আৰক্ষীয়ে। ৪ জুলাইত ৫৯ টা চালান জাৰি কৰি ৯৪,৫০০ টকা জৰিমনা সংগ্ৰহ কৰা হয়। এদিন পূৰ্বে ৰাজ্যজুৰি এক বিশেষ বাহন পৰীক্ষা অভিযানৰ অধীনত ২১খন বাহনৰ পৰা ক’লা ছবি আঁতৰাই পেলোৱা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া