ধৰ্মশালা, ০৫ জুলাই (হি.স.)। হিমাচল প্ৰদেশৰ ধৰ্মশালাত চতুৰ্দশ দালাই লামাৰ ৯০ সংখ্যক জন্মদিনত এক ভৱ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত দেশ-বিদেশৰ অনুগামীসকলে অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও চুগলাগখাং মূল তিব্বতী মন্দিৰত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি দালাই লামাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে।
পৰম্পৰাগত দীৰ্ঘায়ু প্ৰাৰ্থনা (তেনচুগ) অনুষ্ঠানৰ সৈতে আয়োজিত এই কাৰ্যসূচীত সমগ্ৰ বিশ্বৰ ভক্তসকলে একত্ৰিত হৈ নিজৰ ভক্তি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই অনুষ্ঠানক আৱেগিক আৰু আধ্যাত্মিকভাৱে সমৃদ্ধিশালী বুলি অভিহিত কৰে। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে, “প্ৰাৰ্থনাৰ পৰা আৰম্ভ কৰি বিধিগত অৰ্পনলৈকে সমগ্ৰ পৰিৱেশটো স্নেহ আৰু কৃতজ্ঞতাৰে ভৰি পৰিছিল।”
মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে দালাই লামাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি তেওঁৰ বিশ্বব্যাপী মমতা আৰু শান্তিৰ বাৰ্তাক প্ৰশংসা কৰে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২ জুলাইত দালাই লামাই স্পষ্ট কৰি দিছিল যে তেওঁৰ ভৱিষ্যতৰ পুনৰ্জন্মক তেওঁ নিজে প্ৰতিষ্ঠা কৰা গডেন ফড্ৰাং ট্ৰাষ্টেহে স্বীকৃতি দিব পাৰিব।
কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱেও ৪ জুলাইত এই ধাৰণাক সমৰ্থন কৰি কয় যে, দলাই লামাৰ উত্তৰাধিকাৰীৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ কেৱল তেওঁৰ হাতত থাকিব লাগে। কোনো ধৰণৰ বাহ্যিক হস্তক্ষেপৰ স্থান নাই। এজন অনুগামী হিচাপে মই তেওঁৰ অধিকাৰক সম্পূৰ্ণৰূপে সমৰ্থন কৰো।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া