অসমবাসীৰ বাবে প্ৰাৰ্থনা আগবঢ়ায়
গুৱাহাটী, ০৫ জুলাই (হি.স.)। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু তেওঁৰ সহধৰ্মিনী প্ৰথম মহিলা কুমুদ দেৱীয়ে আজি নৱগ্ৰহ মন্দিৰত উপস্থিত হৈ পূজা অৰ্চনা কৰাৰ লগতে ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মংগলৰ বাবে প্ৰাৰ্থনা জনায়।
চিত্ৰাচল পাহাৰৰ ওপৰত অৱস্থিত নৱগ্ৰহ মন্দিৰটোত ৰাজ্যপালগৰাকীয়ে ৰাজ্যবাসীৰ শান্তি, সমৃদ্ধি আৰু মংগল বিচাৰি প্ৰাৰ্থনা কৰে। এই ভ্ৰমণৰ সময়ত ৰাজ্যপাল আচাৰ্যই ভাৰতীয় পৰম্পৰাত নৱগ্ৰহৰ গভীৰ আধ্যাত্মিক আৰু দাৰ্শনিক তাৎপৰ্যৰ ওপৰত চিন্তা-চৰ্চা কৰে। তেওঁ কয়, “নৱগ্ৰহৰ পূজা কেৱল আধ্যাত্মিক অনুষ্ঠান নহয়, বৰঞ্চ জীৱনৰ ভাৰসাম্য, পথ প্ৰদৰ্শন, ৰহস্যসমূহ বুজিবলৈ সহায় কৰা এক দাৰ্শনিক পথো। এই পবিত্ৰ স্থান ভ্ৰমণ কৰাটো এক গভীৰ শান্তিপূৰ্ণ আৰু আত্মাস্পৰ্শী অভিজ্ঞতা ।”
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী