বাক্সা, ০৫ জুলাই (হি.স.)। বাক্সাৰ মথনগুৰী, শালবাৰী, ককলাবাৰী, দিহিৰা আৰু মুছলপুৰ মণ্ডলৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেইবাটাও মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ বিটিচি নিৰ্বাচনত বিজেপি দলে পূৰ্বতকৈ আসন বৃদ্ধি পাব বুলি মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বিজেপিয়ে বিটিআৰত এইবাৰ দায়িত্ব সহকাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ২৬ ৰ নিৰ্বাচনত কংগ্রেছে ফাইনেললৈকে আহিবই নোৱাৰে। দুদিন পাছত কংগ্ৰেছে ক'ব আমি ২৬ ৰ বাবে নহয় ৩১ বাবেহে লাগি আছোঁ।
গৌৰৱ গগৈৰ মতে বৃটিছতকৈ ভাৰত সৰু দেশ। গৌৰৱ গগৈয়ে নিজৰ দেশৰ পাছপোৰ্টতকৈ বৃটিছৰ পাছপোৰ্টকহে বেছি শক্তিশালী বুলি ভাবে। মন্ত্রী জয়ন্ত মল্ল বৰুৱাই মাটি ক্ৰয় কৰা সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্রী ৰঞ্জিত কুমাৰ দাস, জয়ন্ত মল্ল বৰুৱা, বিধায়ক ফণীধৰ তালুকদাৰ, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস আদিয়ে সংগ দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ