নতুন দিল্লী, ০৫ জুলাই (হি.স.)। বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকীয়ে ৱাকফ সংশোধনী আইনখনক আদৰণি জনাই মুছলমান সম্প্ৰদায়ৰ বাবে দ্ৰুত সুবিধা কঢ়িয়াই আনিব বুলি দাবী কৰে। সময়ৰ লগে লগে ৱাকফৰ মাটি আৰু পুঁজিৰ ব্যৱহাৰ প্ৰকৃত সুবিধালৈ পৰিণত হ’ব আৰু এইটোৱেই মোডী চৰকাৰৰ উদ্দেশ্য।
জামাল ছিদ্দিকীয়ে শনিবাৰে এক বিবৃতিত কয় যে শনিবাৰৰ পৰা ৱাকফ সংশোধনী আইন বলবৎ হৈছে। এই আইনৰ উদ্দেশ্য হৈছে স্বচ্ছতা, জবাবদিহিতা আৰু মহিলা-সম্প্ৰদায়ৰ প্ৰতিনিধিত্বৰ প্ৰসাৰ কৰা। ডিজিটেলাইজেশ্যনে স্বচ্ছতা আনিব। ছমাহৰ ভিতৰত কেন্দ্ৰীয় পৰ্টেলত সকলো ৱাকফৰ সম্পত্তি পঞ্জীয়ন কৰাটো বাধ্যতামূলক, যাৰ ফলত ভুল প্ৰৱেশ ৰোধ হ’ব আৰু তথ্যৰ কেন্দ্ৰীকৰণ নিশ্চিত হ’ব। ডাটাবেছ থাকিলে প্ৰৱঞ্চনাৰ জৰিয়তে দখল কৰা সম্পত্তি বিচাৰি উলিওৱাটো সহজ হ’ব। মহিলাৰ অধিকাৰ সুনিশ্চিত হ’ব। পৰিয়াল-ৱাকফত মহিলা উত্তৰাধিকাৰীসকলৰ অধিকাৰ সুৰক্ষিত হ’ব আৰু তেওঁলোকে ৱাকফ ঘোষণাৰ পূৰ্বে নিজৰ অংশ নিশ্চিত কৰিব পাৰিব। এতিয়া কেন্দ্ৰীয় পৰ্টেলত ৱাকফৰ সম্পত্তি অনলাইন পঞ্জীয়ন হোৱাৰ লগে লগে অসৎ আৰু ভুল প্ৰৱেশ হ্ৰাস পাব আৰু দুৰ্নীতি ৰোধ কৰা হ’ব।
তেওঁ দাবী কৰে যে এতিয়া ৱাকফৰ সম্পত্তি দখল কৰাটো অসম্ভৱ হৈ পৰিব। ডাটাবেছ অনলাইন হোৱাৰ লগে লগে বহু বছৰ ধৰি অবৈধভাৱে মইমতালী হিচাপে থকাসকলক ৰোধ কৰা হ’ব, স্বচ্ছতা আহিব ৱাকফ কমিটীত। বজাৰ মূল্য অনুযায়ী ভাড়া ঠিক কৰাটো সহজ হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া