ইছলামাবাদ, ০৪ জুলাই (হি.স.)। পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে উত্তৰ ৱাজিৰস্তানৰ আফগান সীমান্তৰ পৰা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ বিফল কৰে। এই সময়ত জোৱানসকলে ধাৰাবাহিকভাৱে গুলীচালনা কৰি ৩০ জন সন্ত্ৰাসবাদীক হত্যা কৰে। নিহত সন্ত্ৰাসবাদী কেইটা তেহৰিক-ই-তালিবান পাকিস্তানৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।
ড’ন কাকতৰ খবৰ অনুসৰি আজি পুৱা সেনাৰ সংবাদ মাধ্যম শাখা ‘আন্তঃসেৱা জনসংযোগ’ (আই এছ পি আৰ)-এ কয় যে এই সফলতা খাইবাৰ পখতুনখোৱাৰ উত্তৰ ৱাজিৰস্তান জিলাৰ হাছান খেলেল তহচিলত অৰ্জন কৰা হৈছে। ইয়াৰ পাকিস্তান-আফগান সীমান্তৰ মাজেৰে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা তেহৰিক-ই-তালিবান পাকিস্তানৰ ৩০টা সন্ত্ৰাসবাদীক সেনাই হত্যা কৰে।
আই এছ পি আৰৰ তথ্য অনুসৰি যোৱা বছৰৰ জুলাই মাহত চৰকাৰে টি টি পি নিষিদ্ধ কৰি ফিটনা আল খোৱাৰিজ নাম দিছিল। নিহত সন্ত্ৰাসবাদীৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু গুলী উদ্ধাৰ কৰা হৈছে। এই সফলতাৰ বাবে নিৰাপত্তা বাহিনীৰ সতৰ্কতা আৰু প্ৰস্তুতিৰ প্ৰশংসা কৰে আই এছ পি আৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া