কাঠমাণ্ডু, ০৪ জুলাই (হি.স.)। শুকুৰবাৰে নেপাল হৈ ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ জোৱানে। ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা প্ৰায় এক ডজন পাকিস্তানী আৰু বাংলাদেশী নাগৰিকে চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পিছতে নেপাল সীমান্তত নিৰাপত্তা কটকটীয়া কৰা হৈছে।
বিগত কেইবাদিনো নেপালত বসবাস কৰি থকা বাংলাদেশী নাগৰিক আহমেদ চৈয়দ ইকবালক ভাৰতত অবৈধভাৱে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হোৱা বুলি এছ এছ বিৰ কমাণ্ডেণ্টগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁৰ পৰা উদ্ধাৰ হোৱা পাছপ’ৰ্টত ২২ জুনত নেপালত আগমনৰ ষ্টাম্প আছে। অৰ্থাৎ প্ৰায় ১০ দিন ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। কমাণ্ডেণ্টে কয় যে এই বাংলাদেশী নাগৰিকজনে ভুলতে বা কৰ্মসংস্থাপনৰ বাবে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা নাছিল যদিও তেওঁৰ উদ্দেশ্য যেন বেলেগ।
এছ এছ বিৰ হাতত চোৰাংচোৱা তথ্য আছে যে নেপালৰ সীমান্তৱৰ্তী অঞ্চলত প্ৰায় এক ডজন পাকিস্তানী আৰু বাংলাদেশী নাগৰিক উপস্থিত আছে, যিয়ে সন্ত্ৰাসবাদী পৰিকল্পনাৰে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ সাজু হৈছে। এই চোৰাংচোৱা তথ্য লাভ কৰাৰ লগে লগে এছ এছ বিয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে সতৰ্কতা বৃদ্ধি কৰিছে। নেপাল আৰক্ষীৰ সহযোগত অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া